![]()
বৃহস্পতিবাৰে বলীউডৰ অভিনেত্ৰী আমিষা পেটেল (Actress Ameesha Patel) আৰু তেওঁৰ ব্যৱসায়িক সহযোগী ক্ৰুনালৰ (Krunal) বিৰুদ্ধে জালিয়াতি আৰু চেক বাউন্সৰ গোচৰত গ্ৰেপ্তাৰী পৰোৱানা (Arrest warrant) জাৰি কৰে ৰাঁচী অসামৰিক আদালতে (Ranchi Civil Court)।
জানিব পৰা মতে, এই গোচৰত চমন প্ৰেৰণ কৰাৰ পিছতো আমিষা বা তেওঁৰ অধিবক্তা আদালতত উপস্থিত হোৱা নাছিল। তাৰ বাবেই ৰাঁচী অসামৰিক আদালতে অসন্তুষ্টি প্ৰকাশ কৰে। আমিছা পেটেলৰ বিৰুদ্ধে ৰাঁচী হাৰমু জিলাৰ নিবাসী অজয় কুমাৰ সিঙে এই জালিয়াতিৰ গোচৰ ৰুজু কৰে। তেওঁ এজন প্ৰযোজক। তেওঁ অভিযোগ কৰে যে আমিষাই তেওঁক ‘দেশী মেজিক’ নামৰ এখন ছবিৰ বাবে ধন বিনিয়োগ কৰিবলৈ নিমন্ত্ৰণ জনাইছিল।

তেওঁ দাবী কৰে যে তেওঁ ছবিখনৰ প্ৰডাকচন আৰু প্ৰচাৰৰ বাবে আমিষাৰ বেংক একাউণ্টলৈ ২.৫ কোটি টকা ট্ৰেন্সফাৰ কৰিছিল। ২০১৩ চনৰ পৰা ছবিখনৰ শ্বুটিং আৰম্ভ হৈছিল যদিও এতিয়াও সম্পূৰ্ণ হোৱা নাই। অজয় কুমাৰ সিঙে কয় যে ছবিখন সম্পূৰ্ণ হোৱাৰ পিছত আমিষা আৰু তেওঁৰ ব্যৱসায়িক সহযোগীয়ে তেওঁক সুতসহ মূলধন ঘূৰাই দিব বুলি আশ্বাস দিয়ে।
কিন্তু তাৰিখবোৰ পিছুৱাই যোৱাৰ লগে লগে ২০১৮ চনৰ অক্টোবৰ মাহত আমিষাই অজয় কুমাৰ সিঙক ২.৫ কোটি আৰু ৫০ লাখ টকাৰ দুখন চেক দিছিল। যি বাউন্স হয়। তাৰ পিছত আমিষা আৰু ক্ৰুনালৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৪২০ আৰু ১২০ ধাৰাত গোচৰ ৰুজু কৰা হয়।
জালিয়াতি আৰু চেক বাউন্স গোচৰৰ পৰৱৰ্তী শুনানি ১৫ এপ্ৰিলত নিৰ্ধাৰণ কৰা হৈছে। সেইদিনা ৰাঁচী অসামৰিক আদালতত আমিষা আৰু ক্ৰুনাল উপস্থিত থাকিবনে নাই সেয়া লক্ষণীয় হ’ব। ইফালে, গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰাৰ পিছত এই সন্দৰ্ভত আমিষা পেটেল, তেওঁৰ ব্যৱসায়িক সহযোগী ক্ৰুনাল বা তেওঁলোকৰ অধিবক্তাৰ পৰা কোনো বিবৃতি পোৱা হোৱা নাই।













