![]()
তেওঁলোকৰ প্ৰেম আৰু বিবাহ সম্পৰ্কে জল্পনা-কল্পনা বহুত। শুনা গৈছে যে অভিনেত্ৰী পৰিণীতি চোপ্ৰা (Actress Parineeti Chopra) আৰু আম আদমী পাৰ্টিৰ নেতা ৰাঘৱ চাদ্দা (Raghav Chadda, AAP Leader) অতি সোনকালে বিবাহপাশত আবদ্ধ হʼবলৈ ওলাইছে। যদিও ইমান দিনে বিবাহ বা প্ৰেমৰ প্ৰসংগত তেওঁলোকে টু শব্দও কৰা নাই।
শেহতীয়াকৈ বহুতে পৰিণীতিৰ অনামিকা আঙুলিত আঙঠি এটা লক্ষ্য কৰিলে। তেতিয়াৰ পৰাই বহুতে ধৰি লৈছে যে ৰাঘৱ আৰু পৰিণীতিৰ এংগেজমেণ্টৰ পৰ্যায় শেষ। ইমান দিনে তেওঁলোকে কেৱল হাঁহি এটা মাৰি বিষয়টো এৰাই চলি আছিল। এইবাৰেই প্ৰথমবাৰৰ বাবে পৰিণীতিয়ে বিবাহক লৈ মুখ খুলিলে।
শেহতীয়াকৈ এক সাক্ষাৎকাৰত নায়িকাগৰাকীক তেওঁৰ প্ৰেম, বিবাহ, এংগেজমেণ্টৰ বিষয়ে সোধা হৈছিল। তেওঁ কয়, “মোৰ ব্যক্তিগত জীৱনৰ বিষয়ে সংবাদ মাধ্যমৰ জল্পনা-কল্পনা আৰু ইয়াক অতিৰঞ্জিত আৰু অসন্মান কৰাৰ মাজত এক সুক্ষ্ম ৰেখা আছে। যদি তেনেকুৱা হয় মই নিশ্চিতভাৱে স্পষ্ট কৰি দিম। আৰু যদি কিবা ভুল ধাৰণা সৃষ্টি হয়, তেতিয়াও মই তেওঁলোকৰ ভুল ধাৰণাবোৰ শুধৰাই দিম। যদি নাই, তেনেহ’লে কোনো কথাই নাই। আৰু মই তেনেকুৱা নকৰো।”

মুম্বাইৰ এখন ৰেষ্টুৰেণ্টত ডেটিঙলৈ গৈ থকা অৱস্থাত ফটোগ্ৰাফাৰসকলৰ কেমেৰাত ধৰা পৰে ৰাঘৱ আৰু পৰিণীতি। তেতিয়াৰ পৰাই আৰম্ভ হয় দুয়োৰে মাজত প্ৰেমৰ জল্পনা-কল্পনা। তাৰ পিছৰে পৰা কেইবাবাৰো এটা ফ্ৰেমত ধৰা পৰিছে দম্পতীহাল। কেতিয়াবা আপ নেতাজন আহিছিল দিল্লী বিমানবন্দৰৰ পৰা পৰিণীতিক নিবলৈ। আকৌ এবাৰ ৰাজনীতিবিদগৰাকী আৰু অভিনেত্ৰীগৰাকীয়ে একেখন বিমানতে ৰাজধানীৰ পৰা একেলগে মুম্বাইলৈ উভতি আহে।
শুনা গৈছে যে পৰিণীতিৰ ৰোকা অনুষ্ঠান চলিত মাহৰ আৰম্ভণিতে সম্পূর্ণ হʼব৷ পৰিণীতিও দিল্লীত এনেধৰণৰ কাৰ্যসূচীৰ আয়োজন চাবলৈ গৈছিল। পৰিয়ালৰ দুজন সদস্যৰ উপস্থিতিত ব্যক্তিগতভাৱে এংগেজমেণ্ট অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰিছিল ৰাঘৱ আৰু পৰিণীতিয়ে। ‘উচাই’ খ্যাত অভিনেত্ৰীগৰাকীৰ অনামিকা আঙুলিত আঙঠিটো দেখি অনুৰাগীয়ে ধাৰণা কৰে যে তেওঁ নীৰৱেই এংগেজমেণ্ট কৰিছে।













