![]()
মুম্বাইৰ জিঅ’ ৱৰ্ল্ড কনভেনচনেল চেণ্টাৰত (Jio World Conventional Centre-2023) ২০২৩ চনৰ ফিল্মফেয়াৰ এৱাৰ্ড (Filmfare Awards) প্ৰদান কৰা হয়।পৰিচালক ছলমান খান। বলীউডৰ অভিনেতা, অভিনেত্ৰী, পৰিচালক, ক্ৰু আৰু প্ৰযোজকৰ ভিৰত তিলমানো ঠাই নাছিল। ২০২২ চনত দৰ্শকক আপ্লুত কৰাসকলক সন্মান জনোৱাৰ দিন। এই দিনটোত বিভিন্ন শিতানত বঁটা বিজয়ীসকলৰ নাম ঘোষণা কৰা হয়।
তেওঁলোকক পুৰস্কাৰ প্ৰদান কৰা হয়। অৱশ্যে পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে নিজকে এই অনুষ্ঠানৰ পৰা আঁতৰাই ৰাখিছিল। তেওঁ ফিল্মফেয়াৰ এৱাৰ্ড বৰ্জন কৰিছিল। বাকী সন্মানিত হোৱাসকলৰ তালিকা তলত দিয়া ধৰণৰ-
শ্ৰেষ্ঠ সাজ-পোছাকৰ ডিজাইন : শীতল ইকবাল শৰ্মা
শ্ৰেষ্ঠ প্ৰডাকচন ডিজাইন : সুব্ৰত চক্ৰৱৰ্তী আৰু অমিত ৰায়
শ্ৰেষ্ঠ চিনেমেট’গ্ৰাফী : সুদীপ চেটাৰ্জী
শ্ৰেষ্ঠ পটভূমি : সঞ্চিত বলহাৰা আৰু অংকিত বলহাৰা
শ্ৰেষ্ঠ শব্দ ডিজাইন : ভুল ভুলয়া ২-ৰ বাবে বিশ্বজিৎ চেটাৰ্জী
শ্ৰেষ্ঠ সম্পাদনা : একচন হিৰোৰ বাবে নিনাদ খানোলকাৰ
শ্ৰেষ্ঠ একচন : বিক্ৰম বেদৰ বাবে পাৰভেজ শ্বেখ
শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ (মহিলা) ফিল্মফেয়াৰ বঁটা যুগ যুগ জিঅ’ৰ ‘ৰং শাৰী’ৰ বাবে কবিতা শেঠলৈ।
কবিতা শেঠে জাহ্নৱী শ্ৰীমংকৰ (ধোলিদা- গংগুবাই কঠিয়াৱাড়ী), জোনীতা গান্ধী (দেৱ দেৱ- ব্ৰহ্মস্ত্ৰৰ প্ৰথম খণ্ড : শিৱ), শিল্পা ৰাও (তেৰে হাৱালে- লাল সিং চাদ্দা) আৰু শ্ৰেয়া ঘোষালৰ (জব ছানিয়া- গংগুবাই কঠিয়াৱাড়ী) দৰে কঠোৰ প্ৰতিযোগিতাৰ সন্মুখীন হৈছিল।
শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ (পুৰুষ) ফিল্মফেয়াৰ বঁটা অৰিজিত সিঙে (Filmfare Awards Arijit Singh) শিৱৰ ব্ৰহ্মস্ত্ৰ : প্ৰথম খণ্ডত কেশৰিয়াৰ বাবে লাভ কৰে।
অমিতাভ ভট্টাচাৰ্যই শ্ৰেষ্ঠ গীতৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰে। ব্ৰহ্মস্ত্ৰৰ কেছাৰিয়াৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হয়।














