![]()
হাত-ভৰি বন্ধা ৬৫ বছৰীয়া এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰে কলকাতা (Kolkata)ৰ মাইনাগুৰি (Moinaguri)ৰ ডোমহানি কালিবাৰী অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰে।মঙলবাৰে নিশা আৰক্ষীয়ে ঝৰ্ণা মহন্ত নামৰ এগৰাকী মহিলাৰ মৃতদেহ ঘৰৰ শোৱাকোঠাৰ পৰা উদ্ধাৰ (Body recovered from bedroom) কৰে।
ঘটনাৰ পিছতে পৰিয়ালটোৱে মহিলাগৰাকীক হত্যাৰ অভিযোগ উত্থাপন কৰি থানাত লিখিত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে তদন্তৰ অন্তত মৃত বৃদ্ধাগৰাকীৰ নাতি সম্ৰাট দাসক গ্ৰেপ্তাৰ (Grandson Samrat Das arrested) কৰে। আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, দেওবাৰে নিশা বৃদ্ধাগৰাকীৰ নাতিনী সম্ৰাটে আইতাক (Grandmother)ৰ কোঠালৈ গৈ অশ্লীল ভিডিঅ’ (Obscene video) চাই আছিল।
সেই সময়ত তেওঁ সেয়া দেখি ঘৰত কৈ দিম বুলি কোৱাৰ বাবে সম্ৰাটে তেওঁক বান্ধি লৈ মৰিয়াই হত্যা কৰে। আৰক্ষীৰ তদন্তৰ সময়ত এই কথা স্বীকাৰ কৰে যুৱকজনে। মাইনাগুৰি আৰক্ষীয়ে বৃহস্পতিবাৰে অভিযুক্তক আদালতলৈ প্ৰেৰণ কৰে।

পৰিয়ালৰ সূত্ৰ অনুসৰি, যোৱা দেওবাৰৰ পৰা ঝৰ্ণা মহন্তৰ কোনো খবৰ পোৱা নাছিল। ঝৰ্ণা দেৱীয়ে নিজৰ ঘৰত অকলে আছিল। তিনিওজনী ছোৱালী বিবাহিত। মাতৃৰ কোনো খবৰ নোপোৱাৰ পিছত মঙলবাৰে ছোৱালীকেইজনী ঘৰলৈ আহি ঘৰৰ গে’টত তলা লগোৱা দেখা পায়। কিন্তু কোঠাটোৰ ভিতৰত লাইট আৰু ফেন চলি আছিল।
ইয়াৰ পিছতে ওচৰ-চুবুৰীয়াৰ সহায়ত ঘৰৰ দুৱাৰ ভাঙি ঝৰ্ণা মহন্তক হাত-ভৰি বান্ধি বিছনাত পৰি থকা অৱস্থাত দেখিবলৈ পায়। পৰিয়ালৰ লোকে দাবী কৰিছে যে ঝৰ্ণা দেৱীক হত্যা কৰা হৈছে।বুধবাৰে মাইনাগুৰি থানাত লিখিত অভিযোগ দাখিল কৰে। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত কৰি এজাহাৰ দাখিল কৰাৰ কেইঘণ্টামানৰ ভিতৰতে মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰে।











