![]()
সংবিধানৰ ৩৫৫ নং অনুচ্ছেদ অনুসৰি ৰাজ্যৰ নিৰাপত্তাৰ দায়িত্ব কেন্দ্ৰক অৰ্পণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ (N Biren Singh) চৰকাৰে উল্লেখ কৰিছিল। কিন্তু ৰাজ্যৰ নিৰাপত্তাৰ দায়িত্বত থকা চিআৰপিএফৰ প্ৰাক্তন মুৰব্বী কুলদীপ সিঙে (Kuldeep Singh) কয় যে ৰাজ্যত ৩৫৫ অনুচ্ছেদ একেবাৰেই জাৰি কৰা হোৱা নাই। ৰাজনীতিবিদসকলৰ মতে, কৰ্ণাটকৰ নিৰ্বাচন (Karnatak Election) আগবাঢ়ি আছে। তাৰ আগতে যদি ‘ডাবল ইঞ্জিন’ চৰকাৰৰ দ্বাৰা পৰিচালিত ৰাজ্য মণিপুৰত (Manipur) ৩৫৫ ধাৰা জাৰি কৰা হয়, তেন্তে বিজেপিৰ মুখত চূণ পৰিব পাৰে। সেইবাবেই কুলদীপক এই বক্তব্য দিবলৈ কোৱা হৈছে।

মেইটেইসকলক জনজাতিকৰণৰ ক্ষেত্ৰত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ আৰু ইয়াৰ বিৰুদ্ধে কুকিৰ প্ৰতিবাদী সমদলৰ বাবেই মণিপুৰত হিংসাত্মক পৰিস্থিতি বিয়পি পৰিছে। কুলদীপক ৰাজ্যলৈ পঠিয়াই, এডিজিপি আশুতোষ সিঙক আইন-শৃংখলাৰ সামগ্ৰিক দায়িত্ব দিয়াৰ পিছত, সেনাবাহিনীক নমাই আৰু দেখা মাত্ৰকে গুলী চলাবলৈ নিৰ্দেশ দিয়াৰ পিছতেই মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে নিজেই কয় যে ৰাজ্যত ৩৫৫ অনুচ্ছেদ জাৰি কৰা হৈছে। পিছত ডিজিপি পি ডংগলেও সাংবাদিকৰ আগত কয় যে সেই অনুচ্ছেদ অনুসৰি কেন্দ্ৰই মণিপুৰত কাম কৰি আছে। কিন্তু বাকী সকলো নিৰ্দেশনাৰ বাবে চৰকাৰী নিৰ্দেশনা প্ৰকাশ পোৱাৰ বিপৰীতে ৩৫৫ নং অনুচ্ছেদ সন্দৰ্ভত কোনো নিৰ্দেশনা প্ৰকাশ কৰা হোৱা নাই। ৰাজনীতিবিদসকলৰ মতে, পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ পিছত কুলদীপে কৰা ঘোষণাৰ পৰা দেখা গʼল যে বিজেপিয়ে মণিপুৰত সাপো মৰিব লাঠিও নাভাঙিব এই নীতিৰে আগবাঢ়িছে।

ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা অস্ত্ৰ লুণ্ঠনৰ সন্দৰ্ভত কুলদীপে কয় যে লুণ্ঠন কৰা অস্ত্ৰ-শস্ত্ৰৰ সংখ্যা কেইবাশ। ইয়াৰ উপৰি ইয়াত কেইবাটাও আধুনিক আগ্নেয়াস্ত্ৰ আছে। সংঘৰ্ষ আৰু প্ৰতিবাদী সমদলৰ সময়ত বহুতৰে হাতত স্বয়ংক্ৰিয় আগ্নেয়াস্ত্ৰ দেখা গৈছে। এই পৰ্যন্ত আৰক্ষীয়ে মাত্ৰ ৬ টা কাৰ্বাইন আৰু এটা ইনছাছ উদ্ধাৰ কৰিছে।
ইফালে ১৯৯২ চনৰ বেচৰ আই এ এছ বিনীত যোশীক ৰাজ্যৰ নতুন মুখ্য সচিব হিচাপে নিযুক্তি দিয়া হয়। দেওবাৰে দিল্লীৰ ডেপুটেচনৰ পৰা জৰুৰীকালীন ভিত্তিত বিনীতক পুনৰ ৰাজ্যলৈ বদলি কৰা হয়, লগতে আন তিনিজন জ্যেষ্ঠ আই এ এছ এম এইচ খান (১৯৮৮), মোজেছ চাল্লাই (১৯৯০) আৰু পি ভাইফেইকো (১৯৯১) বদলি কৰা হয়। ইয়াৰ পূৰ্বে বিনীতে মুখ্যমন্ত্ৰী বীৰেণৰ প্ৰধান সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
সেনাৰ তথ্য অনুসৰি, এই পৰ্যন্ত তেওঁলোকে ২৩ হাজাৰ লোকক উদ্ধাৰ কৰিছে। শনিবাৰৰ পৰা অসম ৰাইফলছে অভিযান চলাই দেওবাৰে বিয়লি ৬৭৬ জন নগাক নিৰাপদে উদ্ধাৰ কৰে। নতুনকৈ পুনৰ অশান্তি নহ’বৰ বাবে দেওবাৰে পুৱা ৭ বজাৰ পৰা ১০ বজালৈ চুৰাচান্দপুৰত কাৰ্ফিউ শিথিল কৰা হয়। অৱশ্যে হেলিকপ্টাৰ আৰু ড্ৰোনৰ সহায়ত আকাশমাৰ্গৰ চোৰাংচোৱাগিৰি আৰু সেনাৰ ফ্লেগ মাৰ্চ চলি আছে।













