![]()
আজি বোকাখাতৰ প্ৰথম ভাগ বৰসবাহ (Barsavah at Bokakhat) অনুষ্ঠিত হৈছে পৰঙ্গণীয়া বুঢ়া নামঘৰ (Prongonia Bura Namgarh)ত। অসমীয়াৰ বহু আকাংক্ষিত ব’হাগৰ শেষত এতিয়া খেতিৰ বতৰ, যি গ্ৰাম্য জীৱন জীৱিকাৰ প্ৰধান পথ। আজি জেঠৰ ১ তাৰিখ। এতিয়া বতাহ বৰষুণৰ সময়। খেতিৰ পথাৰত কৃষি আৰু কৃষকৰ যাতে কোনো অপায় অমঙ্গল নঘটে তাৰ বাবে এতিয়া গাঁৱৰ নামঘৰে নামঘৰে বৰসবাহৰ সময়। শাস্ত্ৰীয় বিশ্বাস অনুসৰি দ্বাপৰত শ্ৰীকৃষ্ণই গোৱৰ্ধন ডাঙি ধৰি ভক্তক বতাহ বৰষুণৰ পৰা সুৰক্ষা দিয়াৰ দৰে কৃষকক সুৰক্ষা দিবলৈ নামঘৰত এই সময়তে অনুষ্ঠিত হয় বৰসবাহ।

আজি পৰঙ্গণীয়াৰ বুঢ়া নামঘৰত গাঁৱৰ পুৰুষ মহিলাৰ লগতে বোকাখাতৰ বিভিন্ন ঠাইৰ নিমন্ত্ৰিত ভকত বৈষ্ণৱে আজি এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰিছে। নাম প্ৰসংগ, ভাগৱত পাঠ, দিহা নাম, গায়ন বায়নেৰে সম্পন্ন হ’ল আজি বৰসবাহ।













