![]()
অসমৰ কেইবাখনো ঠাইত মুক্তি লাভ কৰি একপ্ৰকাৰ আলোড়ণৰ সৃষ্টি কৰা “ডক্তৰ বেজবৰুৱা ২” (Dr. Bezbaruah 2) ৰ যাদু চলিছে এতিয়া অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত (Melbourne)। ১৯৬৯ চনত মুক্তি লাভ কৰা “ডক্তৰ বেজবৰুৱা” ৰ ছিকুৱেল উক্ত ছবিখনে মুক্তি লাভৰ দিন ধৰি দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে।

আজি ছবিখনক মেলবৰ্ণত স্ক্ৰীণিং কৰাৰ কথা জানিবলৈ দিয়ে ছবিখনৰ প্ৰযোজনৰ দায়িত্বত থকা সঞ্জীৱ নাৰায়ণে। মুক্তিৰ দিনাই ৪১.২ লাখ টকা বস্ক অফিচ কালেকচন কৰাৰ উপৰিও মুক্তিৰ ১০ দিনত ছবিখনে উপাৰ্জনে কৰে সৰ্বমুঠ ৪ কোটি টকা।

ছবিখনৰ এই সফলতাই অসমীয়া চলচিত্ৰ উদ্যোগটোলৈ এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে।













