
অসম-অৰুণাচল সীমান্তৰ ধেমাজি (Dhamaji) জিলাৰ বৰদলনি অঞ্চলৰ অন্তৰ্গত জয়ৰামপুৰ পানবাৰীত যোৱা ৫ জুনত অৰুণাচলী বেদখলকাৰী (Arunachali encroachers) দুৰ্বৃত্তই নিৰ্মমভাৱে গুলিচালনা কৰি বগা চুতীয়া আৰু মণিটো গগৈ নামৰ দুজন অসমীয়া লোকক হত্যা (Killing of Assamese people) কৰা ঘটনাৰ প্ৰতিবাদত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ (Asom Jatiyatabadi Yuba Chatra Parishad, Nagaon)ৰ নগাঁও জিলা সমিতিয়ে আজি নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী (3-hour sit-in strike) ৰূপায়ন কৰে৷

অৱস্থান ধর্মঘট কার্যসূচীত অংশগ্রহণ কৰি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়া আৰু সাধাৰণ সম্পাদক দেৱাৰ্শীষ দাসে কয় যে অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত দুজন লোক নিহত হোৱাৰ লগতে আন কেইবাজনো লোক গুৰুতৰভাৱে আহত হৈ বৰ্তমান সংকটজনক অৱস্থাত আছে।
আনহাতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তৰফৰ পৰা অৰুণাচলী দুৰ্বৃত্তই কৰা উক্ত নৃশংস হত্যাকাণ্ডৰ ঘটনাক তীব্ৰ গৰিহণা দি পৰিষদৰ নেতা দ্বয়ে লগতে কয় যে দেশৰ স্বাধীনতাৰ পিছৰে পৰা অসমৰ সৈতে চুবুৰীয়া অৰুণাচল, নাগালেণ্ড, মিজোৰাম, মেঘালয় আদি ৰাজ্যৰ সীমা বিবাদ চলি আছে আৰু বিভিন্ন সময়ত উক্ত ৰাজ্যসমূহৰ দুৰ্বৃত্তই অসমৰ মাটি বেদখল কৰিবলৈ আহি সীমান্তবাসী অসমীয়াৰ জীৱন আৰু সম্পত্তিৰ প্ৰতি অহৰহ ভাবুকি সৃষ্টি কৰি আহিছে।
আনকি চুবুৰীয়া বেদখলকাৰী দুৰ্বৃত্তৰ হাতত বহু অসমীয়ালোকে প্ৰাণ হেৰুৱাইছে। কিন্তু পৰিতাপৰ বিষয় যে সুদীৰ্ঘকাল ধৰি চলি থকা চুবুৰীয়া ৰাজ্যৰ সৈতে অসমৰ সীমা বিবাদ সমাধান কৰাৰ বাবে অসমৰ ৰাইজ আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন দল- সংগঠনে অসম চৰকাৰক দীৰ্ঘ দিন ধৰি দাবী জনাই অহাৰ পাছতো চৰকাৰে এই সমগ্ৰ বিষয়টোত উদাসীনতা প্ৰদৰ্শন কৰি আহিছে। যাৰ পৰিণতিত অসংখ্য অসমীয়াই প্ৰাণ হেৰুৱাব লগা হৈছে ।

আনহাতে ৫ জুনত সংঘটিত ঘটনাত নিহত দুয়োগৰাকী লোকৰ পৰিয়ালক চৰকাৰী সংস্থাপন আৰু উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ বাবে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে দাবী জনায়| ইয়াৰ লগতে অনতিবিলম্বে অসমৰ চুবুৰীয়া ৰাজ্য সমূহৰ সৈতে থকা সীমা বিবাদ অসমৰ মাটি উক্ত ৰাজ্য সমূহক এৰি নিদিয়াকৈ নিষ্পত্তি কৰাৰ দাবীত আজি নগাঁও জিলা সমিতিয়ে তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰি জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। উক্ত কাৰ্য্যসূচীত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক দিগন্ত দাসৰ লগতে বিভিন্ন আঞ্চলিক সমিতি প্ৰায় শতাধিক নেতা কৰ্মী উপস্থিত থাকে।












