![]()
৪০০০ যুৱক-যুৱতী একেলগে বহিল বিবাহ (Group Marriage)অনুষ্ঠানত। ৬ ঘণ্টা ধৰি চলিল এই বিবাহ অনুষ্ঠান। এই সমূহীয়া বিবাহৰ জৰিয়তে হিন্দু আৰু মুছলমান উভয় সম্প্ৰদায়ৰ দম্পতীয়ে বিবাহপাশত আবদ্ধ হৈছে।শ্ৰী মহাবীৰ গোশালা কল্যাণ প্ৰতিষ্ঠান নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে যোৱা ২৬ মেʼত ৰাজস্থানৰ বৰাণ জিলাত গণ বিবাহৰ আয়োজন কৰে।

তেওঁলোকে মূলত সমাজৰ প্ৰান্তীয় শ্ৰেণীৰ কল্যাণৰ বাবে কাম কৰে। সংগঠিত গণ বিবাহত ২১৪৩ টা দম্পতীয়ে বিবাহৰ ইচ্ছা প্ৰকাশ কৰে। অৰ্থাৎ মুঠ ৪২৮৬ গৰাকী যুৱক-যুৱতীয়ে বিবাহৰ বাবে পঞ্জীয়ন কৰিছিল। ইয়াৰ ভিতৰত আছিল বিভিন্ন সম্প্ৰদায়ৰ দম্পতী। এটা নিৰ্দিষ্ট দিনত বিয়াৰ অনুষ্ঠান হয়। প্ৰতিটো সম্প্ৰদায়ৰ নিৰ্দিষ্ট নিয়ম অনুসৰি সকলোৱে বিবাহপাশত আবদ্ধ হয়।
এই ৰাজহুৱা বিবাহ অনুষ্ঠানত ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ লগতে ৰাজ্যৰ আন এজন মন্ত্ৰী প্ৰমোদ জৈন ভায়া উপস্থিত থাকে। নৱদম্পত্তিসকলক আশীৰ্বাদ দিয়ে।
বিবাহ অনুষ্ঠানৰ আৰম্ভণিতে দৰা-কইনাই প্ৰথমে ইজনে সিজনৰ ডিঙিত ফুলৰ মালা পিন্ধায়। ইয়াৰ পিছত তেওঁলোকক বিয়াঘৰলৈ লৈ যোৱা হয়। পুৰোহিতসকলৰ নিৰ্দেশ অনুযায়ী বিয়াৰ বাকী কামবোৰ তাতেই সম্পূৰ্ণ হয়। মুছলমান দম্পতীৰ বাবে ওচৰৰ অঞ্চলৰ পৰা কাজীক মাতি অনা হয়। উপযুক্ত নিয়ম অনুসৰি বিয়া পাতে।
এই গণ বিয়াত চৰকাৰী বিষয়াসকল উপস্থিত থাকে। তাতে নৱবিবাহিতসকলক বিয়াৰ প্ৰমাণ-পত্ৰ দিয়ে। ৰাজস্থান চৰকাৰে। দম্পতীহালক বহু গহনা, বাচন-বৰ্তন, আচবাব আদিও উপহাৰ দিয়ে।













