![]()
মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে (N Biren Singh) সংঘৰ্ষগ্ৰস্ত ৰাজ্যখনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ গোটৰ মাজত শান্তি স্থাপন প্ৰক্ৰিয়াৰ সুবিধাৰ বাবে গঠন কৰা শান্তি সমিতিত অন্তৰ্ভুক্ত কৰাত কুকি গোটবোৰে অসন্তুষ্টি প্ৰকাশ কৰিছে। ইয়াৰ পিছতে এইবাৰ মেইটেই (Meitei Group) নাগৰিক সমাজৰ অন্যতম গোট, মণিপুৰ অখণ্ডতা সম্পৰ্কীয় সমন্বয় সমিতিয়ে তেওঁলোকৰ আহ্বায়কক এই শান্তি সমিতিত অন্তৰ্ভূক্তিৰ তীব্ৰভাৱে প্ৰত্যাখ্যান কৰিছে। উল্লেখযোগ্য যে সংগঠনটোৰ সভাপতি জীতেন্দ্ৰ নিঙ্গোম্বাক (Jeetendra Ningomba) প্ৰস্তাৱিত শান্তি সমিতিত এজন সদস্য হিচাপে নিয়োগ কৰা হৈছিল।

মেইটেই গোটে শান্তি সমিতিৰ অংশ হোৱাৰ কথা অস্বীকাৰ কৰি কয় যে বিদ্ৰোহীসকলৰ সৈতে অভিযান স্থগিত ৰখাটো প্ৰত্যাহাৰ নকৰাকৈ শান্তি অৰ্জন কৰিব নোৱাৰি। আনহাতে, নাৰ্কো-সন্ত্ৰাসবাদ আৰু অবৈধ প্ৰব্ৰজনৰ বিষয়বোৰো কাৰ্যকৰীভাৱে সমাধান হোৱা নাই।
উল্লেখ্য, ১০ জুনত গঠন কৰা ৰাজ্যিক পৰ্যায়ৰ শান্তি সমিতিখনৰ নেতৃত্ব ৰাজ্যপাল অনুচুয়া উইকীয়ে কৰিছে আৰু ইয়াত মুখ্যমন্ত্ৰী এন বীৰেন সিং, সাংসদ, মন্ত্ৰী, বিধায়ক আৰু অন্যান্য বিভিন্ন গোটৰ ৫১ জন গুৰুত্বপূৰ্ণ অংশীদাৰ আছে।













