![]()
ইডি (ED)ৰ হাতত গ্ৰেপ্তাৰ (Arrested) হোৱাৰ পিছতেই কান্দোনত ভাঙি পৰিছিল তামিলনাডু (Tamilnaidu)ৰ বিদ্যুৎমন্ত্রী ভি চেন্থিল বালাজী (Electricity Minister V Senthil Balaji)। তেওঁক গ্ৰেপ্তাৰ কৰাৰ পিছত মেডিকেল পৰীক্ষাৰ বাবে চেন্নাইৰ এখন চৰকাৰী হস্পিটেললৈ লৈ যোৱা হয়। তাত চিকিৎসকসকলে মন্ত্রীগৰাকীৰ হৃদযন্ত্রৰ সমস্যা থকাৰ কথা কয়। লগতে সোনকালে তেওঁৰ বাইপাছ চাৰ্জাৰী কৰাৰ প্রয়োজন (Bypass surgery is required) বুলিও জনায় হস্পিটেল কর্তৃপক্ষই। হস্পিটেলৰ সূত্র মতে, বুধবাৰেই বাইপাছ চাৰ্জাৰী কৰা হ’ব চেন্থিলৰ।

চেন্থিলৰ স্বাস্থ্যৰ অৱস্থা প্রসঙ্গত ডিএমকে নেতা পিকে শেখৰে কয়, “তেওঁ (চেন্থিল) বৰ্তমান হস্পিটেলৰ জৰুৰী বিভাগত ভর্তি হৈ আছে। বৰ্তমান তেওঁ অচেতন অৱস্থাত চিকিৎসকৰ পর্যবেক্ষণত আছে। তেওঁৰ ইচিজি ৰিপোর্টত বহু অস্বাভাবিকতা দেখা গৈছে। সেয়া অত্যাচাৰৰ ইঙ্গিত।” আনহাতে, চেন্থিলৰ গ্ৰেপ্তাৰী প্রসঙ্গত তামিলনাডুৰ ক্রীড়ামন্ত্রী উদয়নিধি ষ্টেলিনে কয়, “আমি আইনী পথেৰেই বিষয়টিৰ মোকাবিলা কৰিম।
ডিএমকেয়ে বিজেপিৰ ষড়যন্ত্রৰ ওচৰত শিৰ নত নকৰে।”উল্লেখযোগ্য যে মঙ্গলবাৰে সমগ্র দিন ইডিয়ে তামিলনাডুৰ বিদ্যুৎমন্ত্রী ভি চেন্থিল বালাজীৰ দপ্তৰ আৰু তামিলনাডুৰ কাৰোৰত তেওঁৰ ঘৰত অভিযান চলায়। একেৰাহে সোধা-পোছাৰ অন্তত বুধবাৰে তেওঁক গ্ৰেপ্তাৰ কৰা হয়।











