ASSAM TIMES POST,নিউজ ডেস্ক,বেইজিং: মাৰ্কিন প্ৰশাসনে বিতৰ্কৰ সৃষ্টি কৰা বয়িং বিমান এতিয়াই বন্ধ কৰাৰ সলনি চাৰি মাহলৈ এই বিমান চলাই থকা থকা বুলি ঘোষণা কৰে।
উল্লেখ্য লিথুৱানিয়াত ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে অলপতে চীনৰ চৰকাৰে দেশখনত বয়িং ৭৩৭ ৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে। আজি চীনৰ অসামৰিক বিমান পৰিবহণ দপ্তৰে এই সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰিছে।
বয়িং ৭৩৭ বিমানসমূহ কিমান নিৰাপদ সেই সন্দৰ্ভত সেই সন্দৰ্ভত এতিয়া সন্দেহ জাগিবলৈ লৈছে। ইতিমধ্যে বিশ্বৰ বিভিন্ন প্ৰান্তত বয়িং ৭৩৭ মেক্স বিমান দুৰ্ঘটনাত পতিত হোৱাৰ উদাহৰণ আছে বুলি নিৰ্দেশনাটোত কোৱা হৈছে।
চীনৰ যাত্ৰীসকলৰ জীৱনৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়েই দেশখনত সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে বয়িং ৭৩৭ বিমানৰ চলাচল।
ইপিনে ভাৰতেও বয়িং কৰ্তৃপক্ষক্ৰ ওচৰত বয়িং ৭৩৭ বিমানৰ নিৰ্ভৰযোগ্যতা সন্দৰ্ভত স্পষ্টীকৰণ বিচাৰি এখন পত্ৰ প্ৰেৰণ কৰিছে।













