![]()
প্ৰায় দুটা দশকৰ এক দীঘলীয়া কেৰিয়াৰ। দক্ষিণৰ উদ্যোগত কাম কৰাৰ পিছত এতিয়া তেওঁ বলীউডৰ এক চিনাকি মুখ। অভিনেত্ৰী তামান্না ভাটিয়াই (Tamanna Bhatia)ইমান বছৰৰ কেৰিয়াৰত কেতিয়াও পৰ্দাত অন্তৰংগ দৃশ্যত অভিনয় কৰা নাই। অৱশ্যে শেহতীয়াকৈ মুক্তি পোৱা ‘লাষ্ট ষ্ট’ৰীজ-২’ৰ প্ৰচাৰৰ সময়ত তেওঁক ক্ল’জ আপ দৃশ্যত দেখা গৈছে। অৱশেষত ইমান বছৰৰ শপত ভংগ কৰিলে নেকি তামান্নাই?

‘লাষ্ট ষ্ট’ৰীজ-২’ত বাংলা পৰিচালক সুজয় ঘোষৰ এটা কাহিনীত অভিনয় কৰিছে তামান্নাই। বিপৰীতে তেওঁৰ চৰ্চিত প্ৰেমিক তথা বলীউডৰ অভিনেতা বিজয় বাৰ্মা। ধাৰাবাহিকখনৰ প্ৰচাৰৰ সময়ত তেওঁক বিজয়ৰ সৈতে অন্তৰংগভাৱে দেখা গৈছে। ছবিখন ছ’চিয়েল মিডিয়া পেজত বিয়পি পৰিছে। এইবাৰ তামান্নাই সেই দৃশ্যটোৰ বিষয়ে মুখ খুলিলে। শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত তামান্নাই কয় যে তেওঁ প্ৰথমবাৰৰ বাবে ‘লাষ্ট ষ্ট’ৰীজ-২’ৰ বাবে ১৮ বছৰীয়া প্ৰতিজ্ঞা ভংগ কৰিলে। তামান্নাই কয়, “মোৰ কেৰিয়াৰত মই কেতিয়াও কোনো অন্তৰংগ দৃশ্যত অভিনয় কৰা নাই।
পৰ্দাত অন্তৰংগ দৃশ্য দেখাৰ পিছত অলপ কুটিল হৈ পৰা দৰ্শকজন মই। বা মই ভাবো, ‘মই কেতিয়াও তেনেকুৱা নকৰো’। ইমান দিনে মই দৃঢ়প্ৰতিজ্ঞ আছিলো যে মই পৰ্দাত কোনো চুমা খোৱাৰ দৃশ্যত অভিনয় নকৰো।” কিন্তু তামান্নাই ‘লাষ্ট ষ্ট’ৰীজ-২’ৰ বাবে সেই প্ৰতিজ্ঞা ভংগ কৰিলে। পৰ্দাৰ আঁৰত তেওঁৰ প্ৰেমিক বিজয়? অৱশ্যে সেই কথা স্পষ্ট নকৰিলে অভিনেত্ৰীগৰাকীয়ে। কিন্তু তামান্নাৰ ভাষাত, “সুজয় ঘোষৰ সৈতে কাম কৰাৰ মোৰ সদায় ইচ্ছা আছিল। এই চৰিত্ৰটোৰ বাবে সুজয়ে মোক বাছি লোৱাত মই সুখী আৰু কৃতজ্ঞ। ইয়াৰ আগতে মই কোনো অন্তৰংগ দৃশ্যত অভিনয় কৰা নাই। গতিকে এনে ভূমিকাৰ বাবে তেওঁ মোৰ কথা ভাবিব পৰা নাছিল।”
কিছুদিন পূৰ্বে তামান্নাই বিজয়ৰ আগত নিজৰ প্ৰেমৰ কথা স্বীকাৰ কৰিছিল। শেহতীয়াকৈ এক সাক্ষাৎকাৰত তেওঁ বিজয়ৰ লগত বহুত ভাল বুলি কয়। বিজয় তেওঁৰ ‘হেপী প্লেচ’। তামান্নাৰ স্বীকাৰোক্তিৰ পৰিপ্ৰেক্ষিতত বিজয়েও মনৰ কথা প্ৰকাশ কৰিছে। কিছুদিন পূৰ্বে ছচিয়েল মিডিয়াত বিয়পি পৰা এটা সাক্ষাৎকাৰত তামন্নাই কোৱা শুনা যায়, “বিজয়ৰ লগত থাকিলে মই কোনো মুখা পিন্ধিব নালাগে। সঁচাকৈয়ে নিজৰ মতে থাকিব পাৰো।তেওঁ মোক সেই নিৰাপদ ঠাইখন বনাই দিলে। আৰু মোৰ সুখৰ ঠিকনা।
” তামান্নাৰ মন্তব্যই স্পষ্টকৈ দেখুৱাইছে তেওঁৰ আৰু বিজয়ৰ মাজত থকা কেমিষ্ট্ৰী। কেমেৰাৰ সন্মুখত নিজৰ ব্যক্তিগত জীৱনৰ বিষয়ে একো কোৱা নাই বিজয়ে। অৱশ্যে তামান্নাৰ স্বীকাৰোক্তিৰ পিছত এই সন্দৰ্ভত সোধাত অভিনেতাগৰাকীয়ে কয়, “সকলো বস্তুৰে ৰাজহুৱা হʼবলৈ এটা নিৰ্দিষ্ট সময় থাকে। মই মাত্ৰ কʼব পাৰো যে মোৰ জীৱনটো এতিয়া প্ৰেমেৰে ভৰা। মই বহুত ভালে আছোঁ।” বিজয়ৰ বাবে ১৮ বছৰীয়া প্ৰতিজ্ঞা ভংগ কৰিছেনে নাই সেয়া স্পষ্ট নহয় যদিও পৰ্দাত অন্তৰংগ দৃশ্যত অভিনয় কৰাটো যে তেওঁৰ বাবে সহজ হৈ পৰিছে সেয়া দম্পতীহালৰ কথা-বতৰাত যথেষ্ট স্পষ্ট হৈ পৰিছে।













