![]()
৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত অনিৰ্দিষ্টকাললৈ অৰ্থনৈতিক অৱৰোধৰ আহ্বান অসম মণিপুৰ যুৱ সন্থাৰ (Manipur Youth Body)। এই পথটোৱে মিজোৰামক অসমৰ সৈতে পোনপটীয়াকৈ সংযোগ কৰে। অহা ২৩ জুনৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথত অৰ্থনৈতিক অৱৰোধ আৰম্ভ হʼব বুলি AAMY-এ প্ৰকাশ কৰিছে।

শেহতীয়াকৈ মণিপুৰৰ কুকি, চিন, জো সম্প্ৰদায়ৰ লোকসকলৰ বাবে এক সুকীয়া প্ৰশাসনিক গাঁথনি গঢ়ি তোলাৰ দাবীক মিজো নেচনেল ফ্ৰণ্টে সমৰ্থন জনাইছে। প্ৰতিবাদ হিচাপে যুৱ সংগঠনটোৱে অৰ্থনৈতিক অৱৰোধ ঘোষণা কৰিছে। অঞ্চলটোত শান্তিৰ বৃহত্তৰ স্বাৰ্থত এমএনএফৰ সমৰ্থন প্ৰত্যাহাৰ কৰিবলৈও অনুৰোধ জনায়।
যুৱ সংগঠনটোৰ এক বিবৃতিত কোৱা হৈছে, “ভাৰতীয় সংবিধানৰ ৩নং অনুচ্ছেদ অনুসৰি মণিপুৰৰ চিন, কুকি আৰু জো জনগোষ্ঠীৰ বাবে সুকীয়া প্ৰশাসনিক গাঁথনিৰ দাবীৰ প্ৰতি এমএনএফৰ সমৰ্থন অযুক্তিকৰ। সংবিধানৰ উক্ত ধাৰা মণিপুৰৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। ১৯৪৯ চনত ভাৰতত যোগদান কৰাৰ আগতেই মণিপুৰক আন্তৰ্জাতিক সমাজে স্বীকৃতি দিছিল। এমএনএফৰ এই সিদ্ধান্তত আমি অত্যন্ত বিচলিত হৈছো।”













