মণিপুৰৰ মেইটেইসকলক (Manipur Meitei) অনুসূচিত জনজাতিকৰণৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক কেন্দ্ৰ কৰি শেহতীয়াকৈ সংঘাত আৰম্ভ হোৱা গোচৰৰ পৰ্যালোচনা আবেদন মণিপুৰ উচ্চ ন্যায়ালয়ে (Manipur High Court) গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে দিয়া আদেশত ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ এম ভি মুৰলিথাৰণে (M.V. Muralidaran) মেইটেইসকলক জনজাতিকৰণৰ সন্দৰ্ভত কেন্দ্ৰলৈ পৰামৰ্শ প্ৰেৰণ কৰিবলৈ কৈছিল। ইয়াৰ উপৰি কোৱা হৈছিল যে চৰকাৰে চাৰি সপ্তাহৰ ভিতৰত মেইটেইসকলৰ নাম অনুসূচিত জনজাতি হিচাপে তালিকাভুক্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।














