![]()
উত্তৰ প্ৰদেশ (Uttar Pradesh) আৰু বিহাৰ (Bihar)ত উত্তপ্ত গৰমত মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে। কেৱল উত্তৰ প্ৰদেশৰ বালিয়াতে ৭০ জন লোকৰ মৃত্যু হৈছে। আনহাতে, বিহাৰত মৃত্যুৰ সংখ্যা ৫০ জনলৈ বৃদ্ধি পাইছে। গৰমৰ বাবেই নে আন কাৰণত মৃত্যু হৈছে তাকে লৈ উত্তেজনাৰ সৃষ্টি হৈছে। কিন্তু দুয়োখন ৰাজ্য চৰকাৰে দাবী কৰিছে যে এই মৃত্যুৰ বাবে ‘হিট ষ্ট্ৰোক’ দায়ী নহয়। তেনেহ’লে কি?
এই মৃত্যু সন্দৰ্ভত ৰাজ্য দুখনৰ চৰকাৰে কয় যে মৃত্যুৰ প্ৰকৃত কাৰণৰ তদন্ত চলি আছে। উত্তৰ প্ৰদেশৰ বালিয়াত গৰমৰ বাবেই মৃত্যু হোৱা বুলি বক্তব্য দিয়াত চৰকাৰে ইতিমধ্যে দুগৰাকী চিকিৎসকক নিলম্বন কৰিছে। তেওঁলোকৰ বিৰুদ্ধে ‘দায়িত্বহীন’ বক্তব্যৰ অভিযোগ উত্থাপন হৈছে। অৱশ্যে বিহাৰ চৰকাৰৰ এটা অংশই পুনৰ স্বীকাৰ কৰিছে যে এই মৃত্যুৰ আঁৰত হিট ষ্ট্ৰোক আছে। অৱশ্যে গ্ৰীষ্ম প্ৰবাহৰ ফলত হোৱা মৃত্যু, নে এই মৃত্যুৰ আঁৰত আন কিবা কাৰণ আছে, সেই বিষয়ে ৰাজ্য দুখনৰ প্ৰশাসনিক সূত্ৰৰ তথ্য অনুসৰি তদন্ত অব্যাহত আছে।

বিহাৰ সীমান্তৱৰ্তী উত্তৰ প্ৰদেশৰ জিলা বালিয়া। ১৬-১৮ জুনৰ ভিতৰত এই জিলাত ৫৪ জন লোকৰ মৃত্যু হয়। গৰমৰ বাবেই লোকসকলৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে। বালিয়া জিলা চিকিৎসালয়ত উশাহ-নিশাহ লোৱাত কষ্ট পোৱা আৰু জ্বৰ হোৱাৰ লক্ষণৰ সৈতে প্ৰতিদিনে বৃদ্ধি পাইছে ভৰ্তিৰ সংখ্যা। তাৰ সমান্তৰালকৈ মৃত্যুৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰিছে। বালিয়াৰ মুখ্য স্বাস্থ্য বিষয়া এছ কে যাদৱে সংবাদ মাধ্যমৰ আগত কয়, “মৃত্যুৰ কাৰণৰ তদন্ত চলি আছে। মৃত্যুৰ কাৰণ জানিব পৰাৰ পিছতহে প্ৰমাণ-পত্ৰত ইয়াৰ উল্লেখ কৰা হ’ব।”
উত্তৰ প্ৰদেশৰ আন এখন জিলা দেওৰিয়াত বিগত ২৪ ঘণ্টাত ৫০ জন লোক গৰমৰ ফলত আক্ৰান্ত হৈছে বুলি স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। অৱশ্যে কোনো লোকৰ মৃত্যু হোৱা নাই। আনহাতে, বিহাৰৰ ভোজপুৰ জিলাত ৫০ জন লোকৰ মৃত্যু হৈছে। ৰাজ্য প্ৰশাসনৰ এটা অংশই স্বীকাৰ কৰিছে যে কেইবাজনো ৰোগীৰ হিট ষ্ট্ৰোকত মৃত্যু হৈছে। আৰা সদৰ চিকিৎসালয়ৰ চিকিৎসক ঋষিয়ে সংবাদ মাধ্যমৰ জনোৱা মতে, “হিট ষ্ট্ৰোকৰ বাবে ৩৫ জন ৰোগীক ভৰ্তি কৰা হৈছে। ২০ জুনত ২৫ জন লোকৰ মৃত্যু হৈছিল। নিহতসকলৰ অধিকাংশই বয়স্ক। তেওঁলোকৰ জ্বৰ আৰু হিট ষ্ট্ৰোকত আক্ৰান্ত হোৱাৰ লক্ষণ আছিল।”











