ASSAM TIMES POST,নিউজ ডেস্ক,নতুন দিল্লীঃ ভাৰতীয় বায়ুসেনা বাহিনীৰ বাবে এটা ভাল খবৰ। এতিয়াৰে পৰা ভাৰতীয় বায়ুসেনাক অধিক শক্তিশালী ৰূপত গঢ়ি তোলাৰ বাবে বাহিনীটোত নতুনকৈ অন্তৰ্ভুক্ত কৰা হৈছে চাৰিখন অত্যাধুনিক চিনুক নামৰ হেলিকপ্টাৰ।
বায়ুসেনা বাহিনীৰ মুৰববী বি এছ ধানোৱাই বুধবাৰে আনুষ্ঠানিকভাৱে চিনুক নামৰ হেলিকপ্টাৰ চাৰিখন বাহিনীটোত অন্তৰ্ভুক্ত কৰে।
আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ সৈতে ২০১৫ চনতে ভাৰতে ১৫ খন চিনুক হেলিকপ্টাৰ ক্ৰয় কৰাৰ বাবে এখন চুক্তি স্বাক্ষৰ কৰিছিল। ১.৫ বিলিয়ন মাৰ্কিন ডলাৰৰ চুক্তি অনুসৰি প্ৰথম চাৰিখন হেলিকপ্টাৰ বৰ্তমান গুজৰাটৰ মুন্দ্ৰা বন্দৰ পাইছেহি।
আনুষ্ঠানিকভাৱে চাৰিওখন হেলিকপ্টাৰ বায়ুসেনা মুৰববী বি এছ ধানোৱাই বাহিনীটোত অন্তৰ্ভুক্ত কৰিছে। গুজৰাটৰ বিমান বন্দৰৰ পৰা চণ্ডীগড়লৈ কঢ়িয়াই অনা হেলিকপ্টাৰ চাৰিখন আনুষ্ঠানিকভাৱে মুকলি কৰি বি এছ ধানোৱাই কয় যে এই হেলিকপ্টাৰকেইখনে ভাৰতীয় বায়ুসেনা বাহিনীৰ শক্তি আৰু অধিক বৃদ্ধি কৰিব।
নতুন হেলিকপ্টাৰকেইখনৰ প্ৰতিখনে প্ৰায় ২৩ হেজাৰ কিলোগ্ৰাম ওজনৰ সামগ্ৰী বহন কৰিব পাৰিব।













