![]()
অহা ৩১ জুলাই তাৰিখে নটসূৰ্য ফণী শৰ্মা দেৱৰ (Natasurya Phani Sarma) স্মৃতিদিৱসৰ সৈতে সংগতি ৰাখি তেজপুৰৰ ঐতিহাসিক বাণ থিয়েটাৰৰ উদ্যোগত “নটসূৰ্য ফণী শৰ্মা সোঁৱৰণী নাট সমাৰোহ” ৰ আয়োজন কৰা হৈছে। এই আয়োজন ৬ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কৰা হ’ব।

ইয়াৰোপৰি, অহা ১ জুলাইৰ পৰা ৩০ জুলাই তাৰিখলৈকে শিক্ষানুষ্ঠানসমূহৰ গ্ৰীষ্মকালীন বন্ধৰ সময়ছোৱাত উক্ত বাণ থিয়েটাৰৰ উদ্যোগত “গ্ৰীষ্মকালীন শিশু নাট কৰ্মশালা” ৰো আয়োজন কৰা হৈছে। চলিত বৰ্ষত শিশু নাট কৰ্মশালাৰ প্ৰশিক্ষাৰ্থীসকলে পূৰ্বে প্ৰশিক্ষণপ্ৰাপ্ত ৫ গৰাকী চেমনীয়া আৰু যুৱক-যুৱতীৰ দ্বাৰা ৰচিত আৰু পূৰ্বে প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষাৰ্থীৰ দ্বাৰাই পৰিচালনা কৰা “নজনা বীৰৰ মূৰ” কবিতাৰ পৰা ৰচনা কৰা এখন শিশু নাট মঞ্চস্থ কৰা হ’ব।
উল্লেখ্য যে, অহা ৩১ জুলাই তাৰিখে নটসূৰ্যৰ স্মৃতিদিৱসৰ দিনটোত ৫ খন নাটকেৰে নটসূৰ্য ফণী শৰ্মা সোঁৱৰণী নাট সমাৰোহ আয়োজনৰ সিদ্ধান্ত লোৱা হৈছে।













