![]()
২০০০ চনৰ পৰা ২০২৩ চনলৈকে ২৩ বছৰ ধৰি জনপ্ৰিয় হৈ আহিছে ‘কৌন বনেগা কৰোৰপতি’ (Kaun Banega Crorepati)। অনুৰাগীৰ দাবী, এয়া সম্ভৱ হৈছে অমিতাভ বচ্চনৰ (Amitabh Bachchan) বাবেই। তেওঁ সঞ্চালন নকৰা হ’লে ৰিয়েলিটি শ্বʼটো ইমান সফল নহʼলহেঁতেন। কিন্তু বলীউডে কয় অন্য কথাহে। বিগ বিয়ে এই অনুষ্ঠানটো সঞ্চালন কৰিবলৈ একেবাৰেই সন্মত হোৱা নাছিল! বহু দ্বিধাবোধৰ অন্তত তেওঁ মান্তি হয়। তাৰ বাবে চৰ্তও ৰাখে। বাকীবোৰ ইতিহাস।
কিন্তু বিগ বিয়ে কিয় কৰিব বিচৰা নাছিল এই শ্ব’? ইয়াৰ পূৰ্বে এক সাক্ষাৎকাৰত শ্বʼটোৰ প্ৰযোজক সিদ্ধাৰ্থ বসুৱে সেই তথ্য ফাদিল কৰে। তেওঁ কয়, “সেই সময়ত অমিতাভ ডাঙৰ পৰ্দাৰ তাৰকা আছিল। কিন্তু তেওঁ সাময়িক বেয়া সময়ৰ মাজেৰে চলি আছিল। ইখনৰ পিছত সিখন ছবি বিফল হৈছিল। সেই সময়ত আমি তেওঁৰ ওচৰলৈ গৈ এটা ৰিয়েলিটি শ্বʼ সঞ্চালন কৰিবলৈ অনুৰোধ জনালো।”

যিহেতু ডাঙৰ পৰ্দাৰ তাৰকাসকলে সৰু পৰ্দালৈ আহিব নিবিচাৰে। তাৰ মাজতে আকৌ অমিতাভৰ দৰে মেগাষ্টাৰ! ভাৰতৰ ৰিয়েলিটি শ্বʼবোৰে তেতিয়াও সফলতা লাভ কৰা নাছিল। ফলত কোনো মেগাষ্টাৰে তাত নিজৰ মুখ দেখুৱাব বিচৰা নাছিল। সেই কাৰণে অমিতাভেও মান্তি নহʼল। অৱশেষত লণ্ডনৰ এলষ্ট্ৰী ষ্টুডিঅʼত মূল অনুষ্ঠানটোৰ লাইভ ৰেকৰ্ডিং চাবলৈ সিদ্ধান্ত লʼলোঁ।
এই আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানটোৰ সঞ্চালক আছিল ক্ৰীছ টাৰেণ্ট। সেই অনুষ্ঠানটো চাই অমিতাভে কৰিবলৈ সিদ্ধান্ত লʼলে। তেওঁ আৰু দাবী কৰে যে কেৱল তেওঁকহে দায়িত্বত ৰাখিব লাগিব। আৰু চেটত কঠোৰ নিয়ম মানি চলিব লাগিব। প্ৰযোজকসকলেও একমতহয়। তাৰ পিছত তেওঁ ‘কৌন বনেগা কৰোৰপতি’ৰ অংশ হʼবলৈ সন্মত হয়।













