![]()
দীপলিনা ডেকা (Deeplina Deka) আৰু জুবিন গাৰ্গৰ (Zubeen Garg) সুৰীয়া কণ্ঠৰে “Atlas Creation” ৰ বেনাৰত নিৰ্মিত “ভবাই নাছিলোঁ” (Bhobai Nasilu) শীৰ্ষক গীতটিয়ে শ্ৰোতা-দৰ্শকৰ যথেষ্ট প্ৰশংসা বুটলিছিল। এই জনপ্ৰিয় গীতটিৰে শেহতীয়াকৈ মুক্তিপাবলৈ সাজু হৈছে দ্বিতীয়টো সংস্কৰণ। হয় ঠিকেই বুজিছে, আহি আছে “ভবাই নাছিলোঁ ২.০”।

দীপলিনা-জুবিনৰ যুটীয়া কণ্ঠই প্ৰতিবাৰেই শ্ৰোতাক আমোদ প্ৰদান কৰি আহিছে। “ভবাই নাছিলোঁ” তেওঁলোকৰ সফল গীতসমূহৰ ভিতৰত অন্যতম আছিল। উক্ত গীতটিত কথা আছিল ৰাহুল দে দাসৰ আৰু সুৰ কৰিছিল অংশুৰাজে।
গীতটিৰ ভিডিঅ’ ত অভিনয় কৰিছিল চন্দন দাস আৰু দীপলিনাই। ক্ষন্তেকতে মিলিয়নৰ শাৰীত যোগদান কৰি পেলাইছিল গীতটিৰ ভিডিঅ’টোৱে। “ভবাই নাছিলোঁ ২.০” ৰ ঘোষণাৰ পিছতেই একপ্ৰকাৰ উৎসাহিত হৈ পৰিছে সংগীতপ্ৰেমী শ্ৰোতা।













