![]()
আমাৰ সকলোৰে পৰিচিত নেত্ৰ কাই অৰ্থাৎ অৰুণ হাজৰিকাই (Arun Hazarika) শেহতীয়াকৈ বোকাখাতত দৰ্শক ৰাইজৰ সুবিধাৰ্থে নতুনকৈ ছবিগৃহ মুকলি কৰাৰ পৰিকল্পনা কৰিছে। ১৫০ টা ছিটৰ সৈতে পোনপ্ৰথমে এই ছবিগৃহটো মুকলি কৰাৰ কথা ভাবিছে অভিনেতাগৰাকীয়ে।

এখন ভাল অসমীয়া ছবি চাবলৈও কেতিয়াবা বহু দূৰলৈ অৰ্থাৎ যোৰহাটলৈ প্ৰায় ৭০-৮০ কিলোমিটাৰ অতিক্ৰম কৰি যাবলগীয়া হয়। দৰ্শকৰ যদিও ছবিখন চোৱাৰ হেঁপাহ থাকে তথাপিও তেওঁলোকে ইমান দূৰ যাবলগীয়া হোৱাত ছবিখন চোৱাৰ পৰা বিৰত থাকিবলগীয়া হয়।














