![]()
ঘূৰি আহিছে নেকি ‘থ্ৰী ‘ইডিয়ট’? এই খবৰ এতিয়া চৰ্চাত। কেইবাদিনো ধৰি চৰ্চা চলি আছে যে ছুপাৰহিট আমিৰ খান-আৰ মাধৱন-চৰ্মন যোশী-কৰীনা কাপুৰৰ ছবিখনৰ ছিকুৱেল আহি আছে (3 Idiots film’s sequel is coming up)। এই জল্পনা-কল্পনাৰ ওপৰত চৰ্মনে নিজেই কাৰ্যত ছীল লগাইছে।

এক সাক্ষাৎকাৰত অভিনেতাগৰাকীয়ে কয় যে ‘থ্ৰী ইডিয়টছ’ক (3 Idiots) কেন্দ্ৰ কৰি দৰ্শকৰ মৰম আৰু উন্মাদনা দেখি দীৰ্ঘদিন ধৰি চিকুৱেল নিৰ্মাণৰ কথা চিন্তা কৰি আহিছে পৰিচালক ৰাজকুমাৰ হিৰাণীয়ে। ছিকুৱেলৰ কিছু পৰিকল্পনাও তেওঁ শ্বেয়াৰ কৰে। অৱশ্যে তেওঁলোকে বাস্তৱত পৰিণত হোৱাৰ দিশত আগবাঢ়িব পৰা নাই। ইয়াৰ ছিকুৱেল হʼব বুলি চৰ্মন নিশ্চিত। অৱশ্যে কেতিয়া হʼব সেয়া এতিয়াও অৱগত কৰা নাই অভিনেতাগৰাকীয়ে।
অনন্যাই বিয়া পাতিছে নেকি?

আদিত্য ৰয় কাপুৰৰ সৈতে তেওঁৰ ৰোমাঞ্চক লৈ (About romance) কেইবাদিনো ধৰি চৰ্চা চলিছে বলীউডত। দুয়োকে ইফালে-সিফালে যুটিত দেখা যায়। ইফালে সম্পৰ্কত আছে নেকি বুলি সোধাত অনন্যা পাণ্ডেৰ (Ananya Panday) মুখ বন্ধ হৈ পৰে। ইংগিতটো অৱশ্যে পোৱা গৈছে ৰণবীৰ কাপুৰৰ কথাতহে। বন্ধু আদিত্য যাৰ প্ৰেমত, তেওঁৰ আৰম্ভণিৰ আখৰ ‘এ’। ৰণবীৰে এই কথা পোনপটীয়াকৈ কৈছিল। তেনেহ’লে বিয়া কেতিয়া? ছাংকি পাণ্ডেৰ কন্যাই স্পষ্টকৈ কৈছে যে তেওঁ এতিয়াও বহুত সৰু। এইবোৰ কথা চিন্তা কৰাৰ সময় হোৱা নাই। সেয়ে হয়তো আদিত্য-অনন্যাৰ বিয়াৰ ফুল ফুলিবলৈ দেৰি আছে।













