![]()
ডাঙৰ পৰ্দা এৰি এইবাৰ অʼটিটি প্লেটফৰ্মৰ জগতখনত প্ৰৱেশ কৰিছে বলীউডৰ অভিনেত্ৰী কাজলে(Actress Kajol )। কিছুদিন পূৰ্বে মুক্তি পাইছিল ‘লাষ্ট ষ্টোৰীজ ২’। চাৰিটা চুটিগল্পৰে গঠিত সংকলনখনৰ চতুৰ্থ গল্পটোত কাজলে অভিনয় কৰিছিল। যদিও ‘লাষ্ট ষ্টোৰীছ ২’-এ দৰ্শকৰ পৰা বিশেষ সঁহাৰিৰ লাভ কৰা নাই, তেওঁৰ অভিনয়ে অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিছিল। এইবাৰ কাজলৰ নিজা ৱেব চিৰিজৰ পাল। চলিত মাহত মুক্তি পাব ‘দ্য ট্ৰায়েল’। ছবিখনত তেওঁক উকীলৰ চৰিত্ৰত দেখা যাব। যোৱা মাহত মুক্তি পাইছিল ধাৰাবাহিকখনৰ ট্ৰেইলাৰ। ট্ৰেইলাৰৰ পৰা স্পষ্ট হৈ পৰিছে যে অভিনেত্ৰীগৰাকীক অতি শক্তিশালী মহিলাৰ চৰিত্ৰত দেখা যাব।

‘দ্য ট্ৰায়েল’ হৈছে আমেৰিকান ধাৰাবাহিক ‘দ্য গুড ৱাইফ’ৰ ভাৰতীয় সংস্কৰণ। যোৱা জুন মাহত মুক্তি পোৱা ‘দ্য ট্ৰায়েল’ ছিৰিজৰ ট্ৰেইলাৰত কাজলে অধিবক্তা নয়নিকা সেনগুপ্তাৰ চৰিত্ৰত অভিনয় কৰিছে। কাজল আৰু বঙালী অভিনেতা যিচু সেনগুপ্তাই এই ধাৰাবাহিকখনত দম্পতী হিচাপে অভিনয় কৰিছে। কিন্তু সেই বিবাহিত জীৱনত হঠাৎ ধুমুহা আহে। পত্নীৰ সন্মুখত উদঙাই দিয়া হৈছে স্বামীৰ কেলেংকাৰী। কাজলৰ পৰিয়াল যীচুৰ অপৰাধত বিধ্বস্ত, তেওঁলোকৰ সন্তানো ভয়ত জীয়াই আছে। কোনে চম্ভালিব সেইবোৰ? এনে পৰিস্থিতিত কাজলে নিজেই পৰিয়ালটো নিয়ন্ত্ৰণত লয়, উকীলৰ পোছাক পিন্ধি। পেছাদাৰী দায়বদ্ধতাৰ পৰা ন্যায়ৰ পথত তেওঁ কিমান দূৰ আগবাঢ়িব পাৰে? ‘দ্য ট্ৰায়েল’ৰ চিত্ৰনাট্য এনে কাহিনীৰে ভেটি।
১৪ জুলাইত ডিজনী প্লাছ হটষ্টাৰত মুক্তি পাব ‘দ্য ট্ৰায়েল’। শেহতীয়াকৈ ধাৰাবাহিকখনৰ সন্দৰ্ভত কথা পাতি কাজলে কয়, “মোৰ দীঘলীয়া কেৰিয়াৰত মই কেতিয়াও কেমেৰাৰ সন্মুখত থিয় হʼবলৈ লাজ কৰা নাই। মানসিকভাৱে শক্তিশালী, দৃঢ়প্ৰতিজ্ঞ চৰিত্ৰত অভিনয় কৰিবলৈ মোৰ সুবিধা হয়। বৰঞ্চ দুৰ্বল চৰিত্ৰ এটাক চিত্ৰিত কৰি অলপ অস্বস্তি অনুভৱ কৰো।” অৱশ্যে পৰিস্থিতি দেখি তেওঁ অলপ স্তম্ভিত হৈ পৰে। শেহতীয়াকৈ কাজলে ‘লাষ্ট ষ্টোৰীজ ২’ৰ চতুৰ্থ গল্পত দিব্যানীৰ চৰিত্ৰত অভিনয় কৰিছিল। বৈবাহিক ধৰ্ষণৰ বলি হʼলেও তেওঁৰ চৰিত্ৰায়নত পোনপটীয়তাৰ অভাৱ নাই। কাজলে ভৱিষ্যতেও এনে শক্তিশালী নাৰী হিচাপে কাম কৰিব বিচাৰে।













