ASSAM TIMES POST,নিউজ ডেস্ক,নতুন দিল্লীঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু উপ মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াৰ জামিন মঞ্জুৰ কৰিছে দিল্লীৰ ৰোজ এভিনিউ আদালতে।
দুয়োগৰাকী নেতাক দহ হাজাৰ টকাকৈ ব্যক্তিগত ব’ণ্ডত জামিন মঞ্জুৰ কৰা হয়। এই গোচৰৰ শুনানি পুনৰ ২৫ জুলাইত লোৱা হ’ব বুলি আদালতে ঘোষণা কৰিছে ၊
উল্লেখ্য দিল্লীৰ বিজেপি নেতা বিজেন্দ্ৰ গুপ্তাই মনীষ ছিছোদিয়া আৰু অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে এক কোটি টকাৰ মান হানি গোচৰ তৰিছিল।
বিজেপি নেতাগৰাকীয়ে অভিযোগ কৰা অনুসৰি কেজৰিৱাল আৰু ছিছোদিয়াই তেওঁৰ বিৰুদ্ধে হত্যাৰ ভাবুকি দিয়াৰ অভিযোগ আনিছিল। যি অভিযোগে তেওঁৰ সন্মান হানি কৰিছে।
কেজৰিৱাল আৰু ছিছোদিয়াই তেওঁৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগ প্ৰমাণ কৰিব লাগিব অথবা এক কোটি টকা ক্ষতিপূৰণ আদায় দিব লাগিব বুলি দাবী কৰে।













