![]()
লছ এঞ্জেলছত শ্বুটিঙৰ (Shooting in Los Angeles) সময়ত গুৰুতৰভাৱে আহত হয় শ্বাহৰুখ খান (Shah Rukh Khan Gets Badly Injured On Sets)। খবৰ অনুযায়ী, নাকত আঘাত পাইছে তেওঁ। আমেৰিকাত তেওঁৰ অস্ত্ৰোপচাৰ কৰা হয়। ইয়াৰ পিছত বলীউডৰ ‘বাদশ্বাহ’ পুনৰ নিজ দেশলৈ উভতি আহে। বৰ্তমান তেওঁৰ পৰিস্থিতি সুস্থিৰ (current situation is healthy)। দ্ৰুতগতিত শাৰীৰিক উন্নতি হৈছে। অভিনেতাগৰাকীৰ চিকিৎসকে এই কথা জানিবলৈ দিয়ে।
এফালে ‘জোৱান’ৰ কাম পূৰ্ণগতিত চলি আছে। আনহাতে, লছ এঞ্জেলছত আন এখন ছবিৰ শ্বুটিঙত ব্যস্ত শ্বাহৰুখ। তাতেই সংঘটিত হয় এই ঘটনা। কিন্তু কেনেকৈ সংঘটিত হʼল ইমান ডাঙৰ দুৰ্ঘটনা? সেই কথা অৱশ্যে এতিয়াও জানিব পৰা হোৱা নাই। সংবাদ মাধ্যমৰ খবৰ অনুসৰি, অভিনেতাজনৰ নাকত আঘাত পোৱাৰ পিছতে তেজ ওলাবলৈ আৰম্ভ কৰে। ততাতৈয়াকৈ তেওঁক স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
তেওঁক চিকিৎসা কৰা চিকিৎসকে আশ্বাস দিয়ে যে ভয়ৰ কোনো কাৰণ নাই। ৰক্তক্ষৰণ বন্ধ কৰিবলৈ সৰু এটা অস্ত্ৰোপচাৰৰ প্ৰয়োজন হয়। অস্ত্ৰোপচাৰৰ পিছত নাকত বেণ্ডেজ লগোৱা দেখা গৈছিল এছ আৰ কেক। বৰ্তমান তেওঁ মুম্বাইত। নিজৰ ঘৰতে জিৰণি লৈ আছে। অৱশ্যে তেওঁৰ পৰিয়াল বা দলে এই বিষয়ে মুকলিকৈ কোৱা নাই।
এইবাৰ ডাঙৰ ৰূপত ঘূৰি আহিছে শ্বাহৰুখ। চাৰি বছৰৰ মূৰত মুকলি হʼল পাঠান। এইবাৰ প্ৰথমবাৰৰ বাবে ‘ৰোমাঞ্চ’ এৰি একচনেৰে ভৰপূৰ তেওঁ। তেওঁৰ নতুন অৱতাৰে অনুৰাগীক আপ্লুত কৰিছিল। ফলত তেওঁলোকে পুনৰ শ্বাহৰুখ-উন্মাদনাত ভুগিছে। স্বাভাৱিকতে অভিনেতাগৰাকীৰ পৰৱৰ্তী ছবিৰ বাবে আগ্ৰহী।
‘পাঠান’ৰ দৰে নায়কৰ ‘জোৱান’ মুক্তিৰ পূৰ্বেই হৈ চৈ লাগি পৰিছে। আটলী কুমাৰৰ পৰিচালনাত ছবিখনত শ্বাহৰুখৰ বিপৰীতে দেখা যাব নয়ন তৰাক। এই ছবিখনৰ জৰিয়তে বলীউডত ভৰি দিবলৈ ওলাইছে এইগৰাকী প্ৰথম শ্ৰেণীৰ দক্ষিণৰ নায়িকাই। আন এজন দক্ষিণৰ অভিনেতা বিজয় ছেঠুপাঠীকো দেখা যাব। লগতে শ্বাহৰুখক পৰৱৰ্তী সময়ত দেখা যাব ৰাজকুমাৰ হিৰাণীৰ ডাংকিতো।














