![]()
ভিয়েটনামত নিষিদ্ধ জনপ্ৰিয় হলিউদ ছবি ‘বাৰ্বি’ (Popular Hollywood film ‘Barbie’ banned in Vietnam)। স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি, মানচিত্ৰখনত দক্ষিণ চীন সাগৰত (South China Sea on the map) বিতৰ্কিত চীনৰ ভূখণ্ড দেখুওৱা হৈছে। সেইবাবেই চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। চৰকাৰী ঘোষণাৰ পিছতেই স্থানীয় বিতৰকসকলে নিজৰ ৱেবছাইটৰ পৰা “বাৰ্বি”ৰ প্ৰচাৰৰ পোষ্টাৰ আঁতৰাই পেলাইছে। ২১ জুলাইত ভিয়েটনামৰ চিনেমাগৃহত মুক্তি পোৱাৰ কথা আছিল ছবিখন।

ভিয়েটনামৰ মনোৰঞ্জন সঞ্চালক ভি কিন থানৰ বক্তব্যও সংবাদ মাধ্যমে প্ৰকাশ কৰে। তেওঁ কয় যে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বিৱৰ্তন পৰিষদে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। কাৰণ মানচিত্ৰখনত চীনৰ “নাইন ডেছ লাইন” দেখুওৱা হৈছে। যিটো এতিয়াও চীন আৰু ইয়াৰ চুবুৰীয়া দেশৰ বাবে এক ডাঙৰ ৰহস্য। তাৰোপৰি বিষয়টো যথেষ্ট সংবেদনশীল। যিয়ে দক্ষিণ চীন সাগৰৰ বেছিভাগ অংশৰ ওপৰত বেইজিঙৰ সাৰ্বভৌমত্ব দাবী কৰে।
এই দাবী ভিয়েটনাম, মালয়েছিয়া আৰু ফিলিপাইনছৰ স্বীকৃতি নাই। বিতৰ্কিত বিষয়বস্তুৰ বাবে ছবিখন নিষিদ্ধ কৰা হৈছে।‘বাৰ্বি’ত মুখ্য চৰিত্ৰত অভিনয় কৰিছে মাৰ্গট ৰবিয়ে। কিঅ’ ৰিয়ান গছলিংছ তেওঁৰ বিপৰীতে আছে। সমগ্ৰ ছবিখনত পৰিচালক গ্ৰেটা গেৰৱিগে বাৰ্বিৰ বিখ্যাত কোমল গোলাপী জগতখনক নিখুঁতভাৱে চিত্ৰিত কৰিছে।













