![]()
টেলি অভিনেত্ৰী আকাংক্ষা পুৰীয়ে মাত্ৰ দুসপ্তাহৰ অন্তত ‘বিগ বছ’ (Big Boss) অʼটিটি’ৰ (OTT) ঘৰৰ পৰা ওলাবলগীয়া হয়। যোৱা সপ্তাহত আকাংক্ষাই শ্ব’টোৰ পৰা ৱাক আউট কৰিছিল। পটভূমিত তেওঁৰ ৩০ ছেকেণ্ডৰ চুম্বন। সহ-প্ৰতিযোগী মডেল জাদ হাদিদৰ (Model Jad Hadid) সৈতে তেওঁৰ নিবিড় চুম্বনক লৈ জল্পনা-কল্পনাৰ অন্ত নাই। ছচিয়েল মিডিয়াত কটুক্তিৰ বলি হʼবলগা হৈছে। শ্ব’টোৰ নিৰ্মাতাসকলক লৈ প্ৰশ্ন উত্থাপন হয়।
ছুটিৰ দিনটোত ‘উইকেণ্ড কা ৱাৰ’ খণ্ডত আকাংক্ষা-জাদক সমালোচনা কৰিছিল ছলমান খানে। তেওঁলোকৰ শিক্ষা, পাৰিবাৰিক মূল্যবোধক লৈ তেওঁ প্ৰশ্ন উত্থাপন কৰিছিল। অৱশেষত আকাংক্ষাই তাৰ পৰা ওলাই আহে। কিন্তু অভিনেত্ৰীগৰাকীয়ে ওলাই অহাৰ লগে লগে মুখ খুলিলে। তেওঁৰ অভিযোগে তেওঁক প্ৰথমদিনাৰ পৰাই সমালোচিত কৰিছে। অভিনেত্ৰীগৰাকীয়ে ছলমানক লৈ কেইবাটাও মন্তব্য কৰে।

ডুবাইৰ মডেল জাদৰ ওঁঠত ৰাজহুৱাভাৱে চুম্বন কৰাৰ পিছত তেওঁক ‘বেড কিছাৰ’ বুলি অভিহিত কৰে। যদিও আকাংক্ষাৰ কোনো আক্ষেপ নাই বুলি জনায়। গোটেই কথাটো তেওঁ কৰ্ম হিচাপেই চাইছিল। অৱশ্যে আকাংক্ষাই দাবী কৰে, “জাদে মোৰ ডাঙৰ ওঁঠ দুটা বহুত ভাল পায়, কামৰ বাবে প্ৰপচুম্বন কৰিবলৈ ইচ্ছুক।” অৱশ্যে এই বিষয়ে ছলমান খানৰ পৰা শ্ব’টোত তেওঁ বহু ভাল-বেয়া কথা শুনিবলগীয়া হৈছিল। এই প্ৰসংগত আকাংক্ষাই কয়, “এই চুমা খোৱাৰ পিছত শ্ব’টোৰ আয়োজক ছলমান খানে কিয় ক্ষমা খুজিবলগীয়া হʼল? শুনিছোঁ এই এটি খণ্ডই সৰ্বাধিক টিআৰপি দিছিল। এনে ব্যৱহাৰ সত্ত্বেও। গোটেই কথাটো কিছু পৰস্পৰ বিৰোধী যেন লাগে।”













