![]()
এমাহ ধৰি ‘ডন ৩’ (Don 3) ছবিখনক লৈ যথেষ্ট চৰ্চা চলিছে। আনকি শ্বুটিং আৰম্ভ হোৱাৰ পূৰ্বেই ইটোৰ পিছত সিটো জল্পনা-কল্পনাই ছবিখনক আগুৰি ধৰিছে। ‘ডন’ আৰু ‘ডন ২’ৰ পিছত শ্বাহৰুখ খানে (Shah Rukh Khan) ‘ডন ৩’ লৈ ঘূৰি অহাৰ কথা আছিল। কিন্তু তাৰ পিছত খবৰ আহিল, কিঙে এই ছবিখনত অভিনয় কৰিবলৈ অমান্তি (King refuses) হয়।
উদ্যোগটোত বহু জল্পনা-কল্পনা আৰু হুলস্থুলৰ অন্তত ‘ডন ৩’ ছবিখনৰ বাবে চূড়ান্ত কৰা হৈছে ৰণবীৰ সিঙক। অৱশ্যে ‘ডন’ৰ চৰিত্ৰৰ বাবে ৰণবীৰৰ নাম চূড়ান্ত কৰা হৈছে যদিও আন চৰিত্ৰৰ বিষয়ে এতিয়াও জল্পনা-কল্পনা চলি আছে। ছবিখনৰ আন আন চৰিত্ৰসমূহৰ ভিতৰত অন্যতম গুৰুত্বপূৰ্ণ চৰিত্ৰ হৈছে ৰোমা। প্ৰিয়ংকা চোপ্ৰাক ‘ডন’ আৰু ‘ডন ২’ত ৰোমা হিচাপে দেখা গৈছিল। ‘ডন ৩’ ছবিখনলৈ ঘূৰি আহিবনে তেওঁ?
তেতিয়াই গুজৱ শুনা গʼল, দুয়োগৰাকী তাৰকাৰ পৰ্দাৰ বাহিৰৰ সম্পৰ্কৰ সমীকৰণৰ। ইয়াৰ বিষয়ে আলোচনা বাঢ়ি যোৱাৰ পাছত শ্বাহৰুখ খানৰ পত্নী গৌৰী খানে বিবাহ বিচ্ছেদৰ দৰে এক কঠিন সিদ্ধান্ত লʼয়। পত্নীক শান্ত কৰিবলৈ শ্বাহৰুখে প্ৰিয়ংকাৰ সৈতে আন কোনো ছবিত কাম নকৰাৰ প্ৰতিশ্ৰুতি দিছিল।

বিগত ১২ বছৰত শ্বাহৰুখ আৰু প্ৰিয়ংকাই ইজনে সিজনৰ ছাঁতে ভৰি দিয়া নাই। গতিকে ‘ডন ৩’ত প্ৰিয়ংকাৰ কামবেক অসম্ভৱ বুলি ধাৰণা কৰা হৈছিল। অৱশ্যে শ্বাহৰুখে ছবিখন এৰি যোৱাৰ পিছৰে পৰা খেল সলনি হৈছে। ৰণবীৰে ডনৰ চৰিত্ৰত অভিনয় কৰাৰ লগে লগে ‘ডন ৩’ত প্ৰিয়ংকাৰ ৰোমা ৰূপত ঘূৰি অহাৰ সম্ভাৱনা সম্পূৰ্ণৰূপে নুই কৰিব নোৱাৰি। এই সন্দৰ্ভত এতিয়ালৈকে কোনো সুনিৰ্দিষ্ট খবৰ পোৱা নাই যদিও শুনা যায় যে দেশী গাৰ্লে নিজেই ছবিখনলৈ ঘূৰি অহাৰ সম্ভাৱনা সম্পূৰ্ণৰূপে নুই কৰা নাই।
১৯৭৮ চনত অমিতাভ বচ্চনে ‘ডন’ৰূপে দৰ্শকৰ সন্মুখত উপস্থিত হৈছিল। বিগ বিৰ পিছত শ্বাহৰুখে এই ভূমিকাত এক সুকীয়া পৰিচয়ৰ সৃষ্টি কৰিছিল। কিন্তু ২০১১ চনত মুক্তি পোৱা ‘ডন ২’ৰ পাছত এই ভূমিকাৰ পৰা তেওঁ বহু দিনৰ বিৰতি লৈছিল। তেতিয়াৰ পৰা এটা যুগতকৈও অধিক সময় পাৰ হৈ গʼল। এই বছৰত ‘ডন ৩’ৰ সৈতে পুনৰ চৰ্চা আৰম্ভ হʼল। সূত্ৰ অনুসৰি, ফাৰহানে চিত্ৰনাট্য লিখাৰ কাম প্ৰায় শেষ কৰিছে। এতিয়া আনুষ্ঠানিক ঘোষণাৰ সময়।













