![]()
নাট্যকৰ্মী, যুৱ অভিনেতা বিজয় শংকৰ শইকীয়াৰ মৃত্যুত মৰ্মাহত হৈ পৰিছে সমগ্ৰ জনসমাজ। মাত্ৰ ৩৯ বছৰ বয়সতে অসমীয়া সাংস্কৃতিক ক্ষেত্ৰলৈ যথেষ্ট বৰঙণি আগবঢ়োৱা বিজয় দীৰ্ঘদিন ধৰি ভুক্তভোগী আছিল মধুমেহ ৰোগত। তেজপুৰৰ বাণ থিয়েটাৰৰ সক্ৰিয় সদস্য বিজয় টেলিভিছন, মঞ্চ তথা ছবি জগতৰ এখন চিনাকী মুখ হৈ পৰিছিল। তেওঁৰ শেহতীয়া অভিনয় আমি দেখিবলৈ পাইছিলোঁ “ডক্তৰ বেজবৰুৱা ২” ছবিখনত।
















