![]()
অচিন্ত শংকৰৰ (Achinta Shankar) পৰিচালনাৰে আহি আছে দ্বিতীয়খন ছবি “হোমৱ’ৰ্ক” (Homework)। ছবিখনৰ নামটোৱে সূচাইছে ছবিখনৰ কাহিনীভাগৰ ভেটি কি! আমাৰ ছবি জগতলৈ নতুন যেতিয়াই চিনেমা অহাৰ খবৰ পাওঁ তেতিয়াই প্ৰায় সময়ত ছবিসমূহ হয়টো থ্ৰীলাৰ, চাচপেন্সৰ হয় নহ’লে ছবিখন ৰোমাণ্টিক, একচনৰ হয়। কিন্তু আমাৰ ইয়াত খুব কম পৰিচালকে শিশু সকলৰ মনস্তাত্বিক দিশটোক সামৰিবলৈ বিচাৰে।














