![]()
আজিৰ সমাজত তাৰকা আৰু অনুৰাগীৰ মাজৰ দূৰত্ব হ্ৰাস কৰাত ছচিয়েল মিডিয়াৰ ভূমিকা অনস্বীকাৰ্য। কিন্তু বহু সময়ত ছচিয়েল মিডিয়াত নথকাৰ বাবে জনসাধাৰণৰ চকুৰ পৰা লুকাই থাকে মৰমৰ তাৰকাসকল। এতিয়া অৱশ্যে সেই ধাৰাটো কিছু সলনি হৈছে। উদাহৰণস্বৰূপে বলীউডৰ প্ৰবীণ অভিনেত্ৰী জিনাত আমানে যোৱা ফেব্ৰুৱাৰী মাহত ইনষ্টাগ্ৰামত ভৰি দিছিল। প্ৰয়াত অভিনেতা দিলীপ কুমাৰৰ পত্নী অভিনেত্ৰী চায়েৰা বানুও এইবাৰ ইনষ্টাগ্ৰামলৈ আহিল। আৰু অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত প্ৰৱেশৰ (Saira Banu enters Instagram) বাবে ৭ জুলাই বাছি লয় (Chooses July 7)। কাৰণ শুকুৰবাৰ তেওঁৰ প্ৰিয় ‘দিলীপ চাহাব’ৰ মৃত্যু বাৰ্ষিকী (Death anniversary of ‘Dilip Saab’)।
শুকুৰবাৰে দিলীপ কুমাৰৰ সৈতে পৰিয়ালৰ এলবামৰ দুখন ছবি পোষ্ট কৰি চায়েৰাই নিজৰ ইনষ্টাগ্ৰাম যাত্ৰা আৰম্ভ কৰে। ‘পড়োছন’ৰ অভিনেত্ৰীগৰাকীয়ে লগতে লিখিছে, “আজিৰ দিনটোত দিলীপ কুমাৰৰ বাহিৰেও মোৰ সকলো অনুৰাগীৰ বাবে লিখিছো, যাৰ প্ৰেমে মোক আজিও জীয়াই ৰাখিছে।” তাৰ লগতে সেই পোষ্টটোত তেওঁৰ জীৱনৰ ‘কহিনুৰ’ দিলীপ কুমাৰক লৈও চায়েৰাই নিজৰ আবেগ ব্যক্ত কৰে। তেওঁ লিখিছে, “আজিও মই বিশ্বাস কৰোঁ যে তেওঁ মোৰ লগত আছে। যিয়েই নহওক, চিৰদিন আমি একেলগে জীৱনৰ বাকী থকা পথখিনি হাতে হাত ধৰি খোজকাঢ়ি যাম।”

কিন্তু চায়েৰাই আন তাৰকাৰ দৰে নিজৰ প্ৰচাৰৰ বাবে ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰিব নিবিচাৰে। তেওঁ কয় যে দিলীপ কুমাৰৰ জীৱন এই মাধ্যমৰ জৰিয়তে অনুৰাগীৰ সন্মুখত উপস্থাপন কৰা হʼব। চায়েৰাই লিখিছে, “ইয়াত মই তেওঁৰ জীৱন দৰ্শন, চিন্তাধাৰাক উজ্জ্বল কৰিম। তাত মই কেৱল চিনেমাৰ জগতখনকে নহয়, সমাজৰ সামগ্ৰিক উন্নয়নত তেওঁৰ অৱদানৰ ওপৰত আলোকপাত কৰিম।”
দিলীপ কুমাৰ আৰু চায়েৰা বানুৰ বিবাহ সদায় বলীউডৰ ইতিহাসত চৰ্চা হৈ আহিছে। ১৯৬৬ চনত দিলীপে বাইশ বছৰীয়া চায়েৰাক বিয়া কৰায়। সেই সময়ত এই বিবাহক লৈ সমালোচনাৰ ধুমুহাৰ সৃষ্টি হৈছিল। ‘গোপী’ আৰু ‘দুনিয়া’ৰ উপৰি এই যুটিয়ে কেইবাখনো ছবিত অভিনয় কৰিছিল। অৱশ্যে দিলীপ কুমাৰৰ বাৰ্ধক্যত তেওঁৰ ওচৰত বজ্ৰকঠিন চায়েৰাৰ উপস্থিতি ‘ভংগুৰ’ মায়ানগৰীত এক দৃষ্টান্ত হিচাপে ৰৈ গৈছে। দীৰ্ঘদিনীয়া অসুস্থতাৰ বাবে ২০২২ চনৰ ৭ জুলাইত দিলীপ কুমাৰৰ মৃত্যু হয়।













