![]()
তেওঁ তেতিয়া নেদাৰলেণ্ডত অধ্যয়নত ব্যস্ত। সেই সময়তে পিতৃ-মাতৃয়ে পৃথক হোৱাৰ সিদ্ধান্ত লয়। আনুষ্ঠানিক ঘোষণা হোৱাৰ লগে লগে ইৰা খানে (Ira Khan) যেন নিজৰ ভৰিৰ তলৰ মাটি হেৰুৱাই পেলালে। তেওঁৰ পিতৃ-মাতৃ আমিৰ খান-ৰীণা দত্ত (Amir Khan- Rina Dutt) এতিয়া একেলগে নাই। বুজিবলৈ তেওঁৰ কিছু সময় লাগিল। তাৰ পিছত বিষণ্ণতাত ভাঙি পৰিল। পঢ়া-শুনা এৰি নিজৰ দেশলৈ উভতি আহিব বিচাৰিছিল। বাদ দিছিল খোৱা-লোৱা।

শেহতীয়াকৈ তেওঁ অগাষ্টু ফাউণ্ডেচন প্ৰতিষ্ঠা কৰে। এই সংস্থাটোৱে হতাশাৰ সৈতে যুঁজি থকা লোকসকলৰ কাষত থিয় দিব। প্ৰতিষ্ঠানটোৰ কথা কওঁতে তেওঁ নিজৰ হতাশাৰ কথা কয়। তেওঁ কয় যে পাঁচ বছৰ আগতে তেওঁ মনৰ এই সমস্যাটো অতি নিবিড়ভাৱে দেখিছিল। আজি সেয়ে তেওঁ হতাশগ্ৰস্ত মানুহৰ লগত আছে।
সেই সময়ত ইৰাৰ কি হৈছিল?
আমিৰ-কন্যাই কয়, “প্ৰথমে মই একো বুজি পোৱা নাছিলো। পিছত দেখিলোঁ, মোৰ ব্যক্তিত্ব সলনি হৈ আছে! একেৰাহে চাৰিদিন খাব পৰা নাছিলোঁ। দিনটোত ১০ ঘণ্টা শুই কটাইছিলোঁ। ৪ ঘণ্টা কান্দি কটাও। এইটো মোৰ ৰুটিন হৈ পৰিল।” ইৰাৰ মাক ৰীণাই বুজিলে যে তেওঁৰৰ কন্যাই জীয়াই থাকিব নিবিচাৰে। গতিকে দিনটোৰ বেছিভাগ সময় শুই থাকে বা কান্দি কান্দি কটায়। সঠিকভাৱে খোৱা-লোৱাও নকৰে। ইয়াৰ পিছত ইৰাক চিকিৎসকৰ ওচৰলৈ লৈ যোৱা হয়।















