ASSAM TIMES POST
অমৃত কুমাৰ শৰ্মাঃ সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই গুৱাহাটী মহানগৰস্থিত লক্ষীধৰ বৰুৱা ক্ষেত্ৰৰ পৰা ০৮ ডিচেম্বৰত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত এক বৃহৎ জোঁৰ সমদল কাৰ্য্যসূচী বাহিৰ কৰে ৷
কেন্দ্ৰীয় সমিতিৰ উদ্যোগত হোৱা কাৰ্য্যসূচীত সন্থাৰ শতাধিক কৰ্মকৰ্তাই অংশগ্ৰহণ কৰে ৷ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পৰশ জ্যোতি দাসে জোঁৰ সমদল কাৰ্য্যসূচীৰ পৰা বিজেপিৰ চৰকাৰলৈ চৰম সকীয়নি প্ৰদান কৰে ৷ তেওঁ কয় যে “CAB কোনো কাৰণতে অসমৰ বাবে গ্ৰহণযোগ্য হ’ব নোৱাৰে ৷
সমগ্ৰ অসমে এই জাতিধ্বংসী বিধেয়কখন বিৰোধিতা কৰাৰ পিছতো বিজেপি চৰকাৰখনে বলপূৰ্বকভাবে অসমত বিধেয়কখন জাপি দিব খুজিছে ৷ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল অসমৰ জাতীয় নষ্ট লৰা, অগপৰ তিনি মন্ত্ৰী অসমৰ বদনৰ ভূমিকা পালন কৰিছে, যি সকল অসমীয়াই এই বিধেয়কখন সমৰ্থন কৰিছে অসমীয়া জনগণে এইসকল অসম বিৰোধী লোকক কেতিয়াও কোনো কাৰণতে ক্ষমা নকৰে ৷
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নহ’লে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই যি পৰ্য্যায়লৈকে যাবলগীয়া হয়, সেই পৰ্য্যায়লৈকে যাব আৰু চৰম পন্থা অৱলম্বন কৰিবলৈকো সন্থাই কুন্ঠাবোধ নকৰে ৷” দিঘলীপুখৰীৰ পাৰে পাৰে সন্থাই জোঁৰ সমদল কৰি লক্ষীধৰ বৰুৱা ক্ষেত্ৰত সমদলৰ সমাপ্তি ঘটোৱা সংগঠনটোৱে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই আহ্বান জনোৱা ১২ ঘন্টীয়া অসম বন্ধৰ কাৰ্য্যসূচীত পূৰ্ণ সমৰ্থন আগবঢ়াইছে॥













