![]()
এগৰাকী যুৱকে তেওঁৰ ঘৰৰ সমীপত কলেজীয়া ছাত্ৰী এগৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ (College student allegedly raped) উত্থাপন হৈছে। যোৱা সপ্তাহত এই ঘটনাটো সংঘটিত হয় দিল্লীৰ প্ৰশান্ত বিহাৰত (place at Prashant Vihar in Delhi)। বৃহস্পতিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত যুৱক ৰবি চোলংকী (Arrested youth Ravi Cholanki)ক।
আৰক্ষীৰ সূত্ৰ অনুসৰি, ঘটনাটো সংঘটিত হয় ৭ জুলাইত। সেইদিনা প্ৰেমিকৰ সৈতে ফুৰিবলৈ গৈছিল যুৱতীগৰাকী। দুয়োৰে ফটো আৰু ভিডিঅ’ চোলংকীয়ে মোবাইলৰ কেমেৰাত বন্দী কৰে। যুৱতীগৰাকী আৰু তেওঁৰ প্ৰেমিক যʼলৈ গৈছিল, চোলংকীয়ে বাইকত উঠি তেওঁলোকক অনুসৰণ কৰিছিল।

সেইদিনা সন্ধিয়া প্ৰেমিকে যুৱতীগৰাকীৰক তেওঁৰ বাসগৃহৰ সন্মুখত এৰি থৈ যায়। সেই সময়ত চোলংকী তেওঁৰ পিছে পিছে গৈ যুৱতীগৰাকীক বাসগৃহত প্ৰৱেশ কৰাত বাধা দিয়ে। নিজকে আৰক্ষী বুলি চিনাকি দিয়ে। ইয়াৰ পিছতে যুৱতীগৰাকী আৰু প্ৰেমিকৰ ছবি আৰু ভিডিঅ’ দেখুৱাবলৈ আৰম্ভ কৰে আৰু ভাইৰেল কৰাৰ ভাবুকি দিয়ে।
কেৱল সিমানেই নহয়, যুৱতীগৰাকীয়ে প্ৰতিবাদ কৰাৰ সময়ত তেওঁক প্ৰহাৰো কৰে। লগতে ভাবুকি দিয়ে যদি তেওঁক বাধা দিবলৈ চেষ্টা কৰে তেন্তে সেই ছবি আৰু ভিডিঅʼবোৰ ছচিয়েল মিডিয়াত ভাইৰেল কৰিব। অভিযোগ অনুসৰি, ইয়াৰ পিছতে তেওঁ যুৱতীগৰাকীক ধৰ্ষণ কৰি পলায়ন কৰে। এই ঘটনাৰ পিছতে তেওঁ প্ৰেমিকক খবৰ দিয়ে।
তাৰ পিছত দুয়োৱে গৈ আৰক্ষীৰ ওচৰত অভিযোগ দিয়ে। আৰক্ষীয়ে অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰে। যুৱতীগৰাকীৰ বক্তব্যৰ ভিত্তিত অভিযুক্তৰ এখন ছবি অংকন কৰা হয়। সেই ফটোখন সকলো থানালৈ প্ৰেৰণ কৰা হয়। আৰক্ষীয়ে বাসগৃহ আৰু ইয়াৰ আশে-পাশে থকা চিচিটিভি ফুটেজ পৰীক্ষা কৰি অভিযুক্তক চিনাক্ত কৰে। বৃহস্পতিবাৰে অভিযান চলাই গ্ৰেপ্তাৰ কৰা হয় চোলংকীক।












