![]()
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কাৰ্যকালত সমগ্ৰ ভাৰততে ডিজিটেল লেনদেন বিয়পি পৰিছে। এইবাৰ ফ্ৰান্সত ইউপিআই (UPI in France) (ইউনিফাইড পেমেণ্টছ ইন্টাৰফেচ)। দেশখন ভ্ৰমণ কৰি শুকুৰবাৰে মোডীয়ে কয় যে পেৰিছৰ আইফিল টাৱাৰত ফ্ৰান্সৰ প্ৰথমটো ইউপিআই মুকলি (First UPI launched at Eiffel Tower) কৰা হৈছে।
ভাৰতৰ যোগেদি ছিংগাপুৰত প্ৰথমে ইউপিআই ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল। পিছলৈ ভূটান, নেপাল, সংযুক্ত আৰব আমিৰশ্বাহী, ওমান আদি দেশত ভাৰতীয় ডিজিটেল মাধ্যম আৰু ৰুপে কাৰ্ডৰ জৰিয়তে ধনৰ লেনদেন আৰম্ভ হৈছিল। এইবাৰ ফ্ৰান্সে সেয়া গ্ৰহণ কৰিবলৈ ওলাইছে। শুকুৰবাৰে পেৰিছত ভাৰতীয় মূল আৰু প্ৰাবাসী ভাৰতীয়ৰ বৈঠকত ভাষণ দি মোডীয়ে কয় যে ফ্ৰান্সে ইউপিআই ব্যৱস্থা গ্ৰহণ কৰিছে। অনাগত দিনত আইফিল টাৱাৰত মুকলি কৰা হʼব। ফলত ভাৰতীয় পৰ্যটকসকলে লাভৱান হʼব।

তেওঁ লগতে দাবী কৰে যে যদি ফ্ৰান্সতো ইউপিআই প্ৰৱৰ্তন কৰা হয় তেন্তে ইয়াৰ দ্বাৰা নগদ ধন সম্পূৰ্ণৰূপে এৰাই চলি লেনদেনত সুবিধা হʼব।
উল্লেখযোগ্য যে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ আমন্ত্ৰণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে ‘বেষ্টিল ডে’ কাৰ্যসূচীত বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰিবলৈ পেৰিছত উপস্থিত হয়। তেওঁৰ এই ভ্ৰমণৰ সময়ত দ্বিপাক্ষিক প্ৰতিৰক্ষা আৰু বাণিজ্যৰ সৈতে জড়িত কেইবাখনো চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে। ফ্ৰান্সৰ পৰা উভতি অহাৰ পথত সংযুক্ত আৰব আমিৰশ্বাহীলৈ এদিনীয়া ভ্ৰমণৰ অন্তত দেশলৈ উভতি আহিব প্ৰধানমন্ত্ৰীগৰাকী।












