![]()
মায়ানগৰী মুম্বাইৰ অন্যতম সফল আৰু চৰ্চিত সাজ-পোছাক ডিজাইনাৰ হৈছে মনীষ মালহোত্ৰা (Manish Malhotra) । আলিয়া ভাট, জাহ্নৱী কাপুৰ, কিয়াৰা আদবানী, কৃতি শ্বেননৰ দৰে অভিনেত্ৰীয়ে পৰিধান কৰে তেওঁৰ ডিজাইনৰ কাপোৰ। বলিউদৰ গ্ৰেণ্ড পাৰ্টি হওক বা তাৰকা দম্পতীৰ বিয়া, মনীষ মালহোত্ৰাৰ কাপোৰৰ জনপ্ৰিয়তা শীৰ্ষত।

দশক দশক ধৰি তেওঁ তাৰকাৰ বাবে চালে চকু ৰোৱা সাজ-পোছাক ডিজাইন (Dress Designer) কৰি আহিছে। খবৰ অনুসৰি, এইবাৰ মনীষে নিজৰ কেৰিয়াৰৰ নতুন দিশত খোজ দিবলৈ ওলাইছে। এইবাৰ তেওঁ চলচ্চিত্ৰ পৰিচালনা কৰিবলৈ ওলাইছে।
শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত মনীষে কয় যে তেওঁ দীৰ্ঘদিন ধৰি ছবি এখন পৰিচালনাৰ পৰিকল্পনা কৰি আহিছে। ‘পাকিজা’ আৰু ‘বেইজু বাওৰা’ খ্যাত ভাৰতীয় অভিনেত্ৰী মীনা কুমাৰীৰ জীৱনৰ আধাৰত এখন ছবি নিৰ্মাণ কৰিব বিচাৰিছে মনীষে।

মনীষে ষাঠি আৰু সত্তৰৰ দশকৰ নায়িকাৰ চৰিত্ৰত অভিনেত্ৰীও প্ৰায় চূড়ান্ত কৰিছে। জানিব পৰা মতে, এই মুহূৰ্তৰ অন্যতম সফল বলীউডৰ অভিনেত্ৰী কৃতি শ্বেননক মীনা কুমাৰীৰ চৰিত্ৰত দেখা যাব। বৰ্তমান ছবিখনৰ চিত্ৰনাট্য লিখাৰ কাম চলি আছে। ভূষণ কুমাৰৰ কোম্পানী টি ছিৰিজৰ দায়িত্বত আছে ছবিখনৰ প্ৰযোজনা। অৱশ্যে ছবিখনৰ সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই।
উল্লেখযোগ্য যে যকৃতৰ ৰোগত আক্ৰান্ত হৈ ৩৮ বছৰ বয়সত মৃত্যু হয় মীনা কুমাৰীৰ। বলীউডত ‘দ্য ট্ৰেজেডী কুইন’ নামেৰে পৰিচিত তেওঁ। অতি চুটি কেৰিয়াৰত প্ৰায় ৯০ খন ছবিত অভিনয় কৰিছিল তেওঁ। প্ৰয়াত অভিনেত্ৰীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ মনীষে তেওঁৰ বায়োপিক নিৰ্মাণ কৰাৰ সিদ্ধান্ত লয়। ইয়াৰ পূৰ্বে ২০২১ চনত শুনা গৈছিল যে মনীষে ছবিখন পৰিচালনা কৰিবলৈ ওলাইছিল।

সেই সময়ত অৱশ্যে তেওঁৰ প্ৰিয় বন্ধু কৰণ জোহৰৰ (Karan Johar) ধৰ্ম প্ৰডাকচনত এখন ছবি পৰিচালনা কৰাৰ কথা আছিল। মনীষে স্বাধীনতা আৰু বিভাজনৰ সময়ছোৱাৰ আধাৰত এখন ‘Musical’ ছবি নিৰ্মাণ কৰাৰ কথা আছিল। অৱশ্যে দুবছৰমান পাৰ হৈ গʼল যদিও এই পৰ্যন্ত ছবিখনৰ কোনো উল্লেখ নাই।












