
অসমীয়া সংগীত ক্ষেত্ৰৰ জনপ্ৰিয় গীতিকাৰ তথা সুৰকাৰ অজয় ফুকনৰ ওপৰত উঠিছে গান চোৰ কৰাৰ দাবী। শেহতীয়াকৈ তেওঁ লিখা আৰু সংগীত পৰিচালনা কৰা এটি গীতক ইংৰাজী গীতৰ সৈতে একেই বুলি আখ্যা দিছে শ্ৰোতাসকলে।
উল্লেখ্য যে, ইতিহাস থিয়েটাৰৰ আগন্তুক নাট্যবৰ্ষৰ “কেপ্তেইন অবিনাশ” নামৰ নাটখনত অন্তৰ্ভুক্ত “Don’t Break My Heart” শীৰ্ষক গীতটো “What Makes you beautiful” নামৰ গীতটোৰ সৈতে মিল আছে বুলি ইতিমধ্যে শ্ৰোতাসকলে দাবী উত্থাপন কৰিছে।সদ্যমুক্তিপ্ৰাপ্ত “Don’t Break My Heart” শীৰ্ষক গীতটোত পোনপ্ৰথমবাৰৰ বাবে একেলগে কণ্ঠদান কৰিছিল ক্ৰমে জুবিন গাৰ্গ আৰু নীল আকাশে। দুয়োগৰাকীৰ অনুৰাগীয়ে তেওঁলোকক দ্বৈতভাৱে শুনিবলৈ পাই উৎসাহিত হৈ পৰাও দেখিবলৈ পোৱা গৈছিল।
কপি মাষ্টাৰ আখ্যা অজয় ফুকনক
আগন্তুক সময়ত অজয় ফুকনে এই ঘটনা সন্দৰ্ভত কি স্পষ্টীকৰণ দিয়ে সেয়া হ’ব লক্ষ্যণীয়।