![]()
“মই তোৰ হ’ব খুজিম”, দাপোন” ইত্যাদি গীতেৰে অসমীয়া সংগীত ক্ষেত্ৰত বহুল প্ৰশংসা বুটলা কণ্ঠশিল্পী ডেইজী দাস( Singer Daiizee Das) আহি আছে এটি নতুন গীত “চকুযুৰি চাই চাই”। গীতটিৰ কথা আৰু সুৰ গীতাৰ্থ গীৰিণৰ লগতে ইয়াত সংগীত কৰিছে পলাশ গগৈয়ে।http://( Singer Daiizee Das)

গীতটিক লৈ শেহতীয়াকৈ উৎসাহিত হৈ পৰিছে কণ্ঠশিল্পী গৰাকীৰ অনুৰাগীসকল। ৰীলচ অথবা সামাজিক মাধ্যমত নৱপ্ৰজন্মৰ ফালৰ পৰাও সঁহাৰি লাভ কৰিবলৈ সক্ষম হোৱা ডেইজী দাসে সৰুৰ পৰা মাতৃৰ নেতৃত্বত সংগীত শিকিছিল। শাস্ত্ৰীয় সংগীতত দুবাৰকৈ বিশাৰদ সন্মান লাভ কৰিছে কণ্ঠশিল্পী গৰাকীয়ে। সম্প্ৰতি ডেইজী দাস অসমৰ আটাইতকৈ জনপ্ৰিয় সংগীতশিল্পী দিগন্ত ভাৰতীৰ ছাত্ৰী।













