ASSAM TIMES POST
নগাঁও : লোকসভাত আজি নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন হোৱাৰ দিনাই বিধেয়ক খনৰ বিৰুদ্ধে আছুকে ধৰি কেইবাটাও সংগঠনে প্ৰতিবাদেৰে উত্তাল কৰে । নগাঁও আঞ্চলিক ছাত্ৰ সন্হাৰ উদ্যোগত নগাঁও চহৰত আজি ডবা , তাল বজাই এক প্ৰতিবাদী সমদল উলিওৱা হয় । 
প্ৰতিবাদ কাৰী সকলে বিজেপি নিপাত যাওঁক , নৰেন্দ্ৰ মোডী মুৰ্দাবাদ , সৰ্বানন্দ সোনোৱাল হায় হায় , ৰূপক শৰ্মাৰ কাম নাই , কেব বাতিল কৰক , কেব আমি নামানো আদি শ্লোগানেৰে ৰাজপথ উত্তাল কৰে ।
কাৰ্যসুচীত নগাঁও জিলা ছাত্ৰ সন্হাৰ সভাপতি গৌৰী শংকৰ শইকীয়া,সাধাৰণ সম্পাদক অমৰজ্যোতি ফুকন,’ৰামানুজন’ৰ অধ্যক্ষ দিলীপ বৰা , ‘দ্ৰোণাচাৰ্য’ ৰ অধ্যক্ষ চন্দন বৰাকে ধৰি কেইবাগৰাকী বিশিষ্ট নাগৰিকে অংশ গ্ৰহণ কৰে ।আনকি সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়কে ধৰি বহুকেইখন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী সকলে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ বাসগৃহৰ সন্মুখতো প্ৰতিবাদ সাব্যস্ত কৰে।
ৰাজ্যৰ বিজেপি চৰকাৰৰ অংশীদাৰ অগপ দলৰ নগাঁও বিধানসভা সমষ্টি অগপ ই আজি সদনত নাগৰিকত্ব সংশোধনী বিধেয়কৰ উত্থাপনৰ প্ৰতিবাদত ক’লা দিৱস পালন কৰে । নগাঁও সদৰ সমষ্টি অগপই নগাঁও শ্বহীদ ভৱনৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্ত্তিৰ কাষত ক’লা পতাকা উত্তোলন কৰাৰ লগতে অগপ কৰ্মী সকলে ক’লা বেজ পৰিধান কৰে ।
কাৰ্যসুচীত প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা , নগাঁও জিলা অগপৰ সভাপতি অতুল মেধি , প্ৰাক্তন অগপ নেতা ডাঃ ধীৰেণ বৰকাকতী উপস্হিত থাকে । নগাঁৱৰ জ্যেষ্ঠ নাগৰিক মঞ্চৰ উদ্যোগত জ্যেষ্ঠ নাগৰিক সকলে নগাঁও কলেজ চাৰিআলিৰ মতিৰাম বৰাৰ প্ৰতিমূৰ্তিৰ সন্মুখত আজি কেব’ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । নগাঁৱৰ পাথৰি উজৰা গাঁৱৰ অপূৰ্ব বৰবৰা নামৰ এজন লোকে আজি পুৱা ১০ বজাত কেব’ৰ বিৰুদ্ধে প্ৰতিবাদ আৰু সজাগতা সৃষ্টিৰ বাবে পাথৰিৰ পৰা গুৱাহাটীলৈ কান্ধত ভাৰপাছি লৈ খোজকাঢ়ি যাত্ৰা আৰম্ভ কৰিছে ।
ইপিনে আজি সন্ধিয়া হয়বৰগাঁৱৰ পৰা নগাঁও চহৰৰ মাজৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জোৰ সমদল উলিয়াই কেবৰ বিৰোধিতা কৰে।সমদলত কৃষক মুক্তিৰ সভাপতি ৰাজু বৰা উপস্থিত থাকে।অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্য সকলে বৰঘাট বাইপাছত পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।একেদৰে চামগুৰি আঞ্চলিক ছাত্ৰ সন্থাই চামগুৰিত পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।













