![]()
আমেৰিকান পপ ষ্টাৰ বব ডিলনৰ (American pop star Bob Dillon) ১৬টা বেডৰুমৰ ৰাজপ্ৰসাদ সদৃশ ঘৰ বিক্ৰী (Selling palace-like houses)। ব্ৰিটিছ সংবাদ মাধ্যম বিবিচিৰ এক প্ৰতিবেদনত এই কথা প্ৰকাশ।
উল্লেখ্য, ডিলনে ১৭ বছৰ পূৰ্বে অল্টমোৰ হাউচ আৰু এই সম্পত্তিটো কিনিছিল। ডিলন আৰু তেওঁৰ ভাতৃয়ে ২৮ লাখ ডলাৰত ঘৰটো কিনিছিল। বৰ্তমান তেওঁলোকে ৩৯ লাখ ডলাৰত বিক্ৰী কৰিছে ঘৰটো।

ঘৰটোত কেইবাটাও আদৰণি কক্ষ, মিউজিক ৰুম আৰু ১১টা বাথৰুম আছে। লগতে ঘৰৰ সন্মুখত নান্দনিক বাগিচা, কৃত্ৰিম ফোৱাৰাকে ধৰি বহুতো সাজসজ্জা আছে। মুঠ ২৫ একৰ মাটিত বিস্তৃত এই ঘৰটো।













