![]()
দেহৰ প্ৰতিটোপাল তেজেৰে দেশপ্ৰেম আৰু ত্যাগৰ নিদৰ্শন দাঙি ধৰা কনকলতা বৰুৱা (Kanaklata Baruah) আছিল স্বদেশ আৰু স্বজাতিৰ ৰক্ষাৰ স্বাৰ্থত আত্মবলিদান দিয়া স্বাধীনতা সংগ্ৰামৰ প্ৰথম গৰাকী মহিলা শ্বহীদ বীৰাংগনা। কনকলতাৰ বুকুত আছিল মূলা গাভৰুৰ সাহস আৰু মনত আছিল মহাত্মা গান্ধীৰ মহামন্ত্র।

শেহতীয়াকৈ এইগৰাকী মহীয়সী নাৰীৰ অতুলনীয় দেশপ্ৰেমক লৈ নিৰ্মাণ কৰা হৈছে এখন চুটি ছবি “মৃত্যু বাহিনী“। অহা ১৫ আগষ্ট তাৰিখে, স্বাধীনতা দিৱসৰ দিনটোত এই চুটি ছবিখনে মুক্তি লাভ কৰিব। CND play ৰ বেনাৰত নিৰ্মিত চুটি ছবিখনৰ কাহিনী তথা পৰিচালনা প্ৰাঞ্জল গৈয়াৰী। প্ৰযোজনাৰ দায়িত্বত পৰিচালকগৰাকীৰ লগতে আছে ৰোহিত শৰ্মা।
কমল লোচন, উদয়ন দুৱৰা, অমিতাভ ৰাজখোৱা, দৰথী ভৰদ্বাজ, মনোজ বৰকটকী, অভিজিৎ শৰ্মা, বনজিৎ শৰ্মা আৰু কুলদ্বীপ আহান গোস্বামী ইত্যাদি কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছে চুটি ছবিখনত।













