![]()
আজিৰ পৰা আৰম্ভ হৈছে সংসদৰ বৰ্ষাকালীন অধিবেশন (Parliament’s Monsoon Session)। অধিবেশনৰ প্ৰথমদিনাৰ পৰাই মণিপুৰৰ অশান্তিৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিক্ৰিয়া দাবী কৰিছে বিৰোধী নেতৃত্বই। যাৰ বাবে এক হুলস্থুলীয়া পৰিস্থিতিৰ মাজত দিনৰ ২ বজালৈকে দুয়ো সদন স্থগিত ৰখা হয়।

সূত্ৰ অনুসৰি, বিৰোধী দলসমূহে মণিপুৰ বিষয়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ নহয়, প্ৰধানমন্ত্ৰীক মৌনতা ভাঙিবলৈ দাবী জনাই একত্ৰিতভাৱে আগবাঢ়ি যাবলৈ ওলাইছে। লগতে মণিপুৰ বিষয়ত আলোচনা কৰিবলৈ দাবী উত্থাপন কৰা হৈছে।
ইফালে বুধবাৰৰ সৰ্বদলীয় বৈঠকত শাসকীয় শিবিৰে মণিপুৰকে ধৰি সকলো বিষয়তে আলোচনা কৰিবলৈ সন্মতি দিয়াৰ বাৰ্তা দিছে যদিও প্ৰধানমন্ত্ৰীৰ ভাষণত বিৰোধীয়ে যি দাবী উত্থাপন কৰিছে তাক চৰকাৰে কিমান মান্তি হʼব তাক লৈ সন্দেহৰ সৃষ্টি হৈছে। শেষত যদি প্ৰধানমন্ত্ৰীয়ে এই বিষয়ে মুকলিকৈ নকয় তেন্তে এইবাৰৰ অধিবেশন তীব্ৰ বিশৃংখল হোৱাৰ প্ৰবল সম্ভাৱনা আছে।
চৰকাৰে এই অধিবেশনত ২১খন নতুন বিধেয়ক উত্থাপন কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ ভিতৰত দিল্লীৰ আমোলাসকলৰ কেন্দ্ৰীয় নিয়ন্ত্ৰণৰ বিধেয়কখনো অন্তৰ্ভুক্ত।
ইয়াৰ উপৰি তথ্য সুৰক্ষা আইন, ৰাজ্যৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ত জন্ম-মৃত্যুৰ পঞ্জীয়ন আদি বিতৰ্কিত বিধেয়কো আছে। সূত্ৰ অনুসৰি, ইউনিফৰ্ম চিভিল কোডৰ সন্দৰ্ভত চৰকাৰৰ স্থিতি জানিবলৈও সৰৱ হোৱাৰ পৰিকল্পনা কৰিছে বিৰোধীয়ে।











