
বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ পিতৃ জেনেৰেল জিয়াউৰ ৰহমানৰ (General Zia Murder Case) হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত প্ৰাক্তন সেনা বিষয়া মুজাফ্ফৰ হোছেইনক গ্ৰেপ্তাৰ কৰা হৈছে। অভিযোগ অনুসৰি, ১৯৮১ চনত চট্টগ্ৰামত তদানীন্তন ৰাষ্ট্ৰপতি জিয়াউৰ ৰহমানক হত্যা কৰাৰ পিছত তেওঁ আত্মগোপন কৰি আছিল।

বাংলাদেশৰ সংবাদ মাধ্যম প্ৰথম আলোৱে প্ৰকাশ কৰা অনুসৰি, সুদীৰ্ঘ ৪৫ বছৰৰ পাছত বুধবাৰে মাজনিশা ঢাকা মহানগৰ আৰক্ষীৰ চোৰাংচোৱা বিভাগে (ডি বি) ৰাজধানীৰ বানানী ডি অ’ এইচ এছ অঞ্চলৰ পৰা বাংলাদেশৰ প্ৰাক্তন মেজৰ মুজাফ্ফাৰক গ্ৰেপ্তাৰ কৰে।
তেওঁৰ পৰিচয় নিশ্চিত হোৱাৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰা হয়। বাংলাদেশৰ প্ৰাক্তন সামৰিক শাসক তথা বিএনপিৰ প্ৰতিষ্ঠাপক জিয়াউৰ ৰহমান ১৯৮১ চনৰ ৩০ মে’ৰ নিশা চট্টগঙত ব্যৰ্থ সামৰিক অভ্যুত্থানত নিহত হয়। ১৯৭৫ চনত শ্বেখ মুজিবুৰ ৰহমানক হত্যা কৰাৰ পিছত দেশত এক অচলাৱস্থাৰ সৃষ্টি হয়।
কেইমাহমানৰ পিছত মেজৰ জেনেৰেল জিয়াই সামৰিক শাসক হিচাপে ক্ষমতা দখল কৰে। পিছত বিএনপি গঠন কৰি ৰাজনীতিত যোগদান কৰে। সভাপতি হিচাপেও নিৰ্বাচিত হয়। অভিযোগ অনুসৰি, সেই নিশা চট্টগ্ৰাম চাৰ্কিট হাউছত ঘাটক দলটোত সেনা বিষয়াসকলৰ ভিতৰত মুজাফ্ফাৰ আছিল আৰু তেৱেঁই ৰাষ্ট্ৰপতি জিয়াক চিনাক্ত কৰিছিল।
ডিএমপিৰ সূত্ৰই জনোৱা মতে, প্ৰয়োজনীয় আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পিছত মুজাফ্ফাৰক বাংলাদেশৰ সেনাবাহিনীক ক’ৰ্ট মাৰ্শ্বেলৰ বাবে গতাই দিয়া হৈছে। উল্লেখ্য় যে ব্যৰ্থ সামৰিক অভ্যুত্থানৰ সময়ত তদানীন্তন সেনাপ্ৰধান হুছেইন মহম্মদ এৰছাদক (পিছলৈ সামৰিক শাসক) পিছত সেনাই হত্যা কৰিছিল।
হত্যাকাৰী দলটোৰ নেতা লেফটেনেণ্ট কৰ্ণেল মতিউদ্দিন আৰু সেনাই জিয়া হত্যাৰ মেজৰ জেনেৰেল আবুল মঞ্জুৰক ‘মাষ্টাৰমাইণ্ড’ বুলি চিনাক্ত কৰে। আন অভিযুক্ত সেনা বিষয়াসকলৰ ভিতৰত ১৩জনক ফাঁচি দিয়া হয়। আন পাঁচজনক বিভিন্ন ধৰণৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয়।
কিন্তু মেজৰ মুজাফ্ফৰ আৰু আন এজন অভিযুক্ত মেজৰ এছ এম খালেদে পলায়ন কৰিবলৈ সক্ষম হয়। যদিও তেওঁলোকে প্ৰথমে বাংলাদেশৰ পৰা পলায়ন কৰিছিল, তথাপিও মুজাফ্ফাৰে পিছত ঢাকালৈ উভতি আহি ছদ্মনামেৰে বাস কৰিছিল বুলি ডি বি সূত্ৰই প্ৰকাশ কৰিছে।










