
বৃহস্পতিবাৰে অনুষ্ঠিত হয় পুৰীৰ বিখ্যাত ৰথযাত্ৰা (Puri Rath Yatra)। এই ৰথযাত্ৰাৰ বাবে পুৰীৰ বৰডণ্ডত (গ্ৰেণ্ড ৰোড) বৰষুণৰ মাজতো লাখ লাখ লোক থিয় হৈ ৰথ দৰ্শনৰ বাবে অপেক্ষা কৰি আছিল। তেনে সময়তে ভিৰৰ মাজত শ্বাসৰুদ্ধ হৈ (Choking) এজন লোকৰ মৃত্যু (One death) হয়। আনহাতে, বহু লোক অসুস্থ হৈ পৰে। তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বৃহস্পতিবাৰে পুৱাৰে পৰা ৰাইজৰ হেঁচাত অসুস্থ হৈ পৰা ৩৩ জন লোকক উদ্ধাৰ কৰা হৈছে বুলি ছ’চিয়েল মিডিয়াত ওড়িশা আৰক্ষীয়ে প্ৰকাশ কৰিছে। তেওঁলোকক প্ৰয়োজনীয় চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। বৃহস্পতিবাৰৰ পুৱাৰে পৰা পুৰী মন্দিৰৰ বাহিৰত সমবেত হয় লাখ লাখ ভক্ত। বৰষুণকো আওকাণ কৰি ভক্তসকলে তিনিখন ৰথ নন্দিঘোষ, তালধ্বজ, দৰ্পদলন চাবলৈ অপেক্ষা কৰি থাকে। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, বৃহস্পতিবাৰে বিয়লি ভিৰৰ মাজত এজন ভক্ত অসুস্থ হৈ পৰে। ৪৫ বছৰীয়া যুৱকজনে চেতনা হেৰুৱাই পেলায়। লগে লগে তেওঁক পুৰী জিলা সদৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। তাতে চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। গ্ৰেণ্ড ৰোডত বহু আৰক্ষী জোৱান নিয়োগ কৰা হয়, য’ত ৰথখন পুৰী মন্দিৰৰ পৰা ওলাই গুণ্ডিচা মন্দিৰলৈ যায়। এম্বুলেন্স, অগ্নিনিৰ্বাপক বাহিনীকে ধৰি জৰুৰীকালীন সেৱাও মোতায়েন কৰা হয়। ইয়াৰ মাজতে ৰাইজৰ হেঁচাত অসুস্থ হৈ পৰা লোকসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
অৱশ্যে হঠাৎ কিয় এনে পৰিস্থিতিৰ সৃষ্টি হ’ল সেই সন্দৰ্ভত এতিয়াও প্ৰশাসনে একো জনোৱা নাই। অৱশ্যে ওড়িশা আৰক্ষীয়ে দিনৰ ১ বজাত পোষ্ট কৰা অনুসৰি, বৃহস্পতিবাৰে পুৱাৰে পৰা ৩৩ জন ভক্তক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ৰাইজৰ হেঁচাত তেওঁলোক অসুস্থ হৈ পৰে। উদ্ধাৰ কৰাৰ পিছত তেওঁলোকক অক্সিজেন যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে। এক অসমৰ্থিত সূত্ৰই দাবী কৰিছে যে ভিৰৰ হেঁচাত বহু লোক অসুস্থ হৈ পৰিছে। ৰথ যাত্ৰাৰ দিনা পুৱা ১১ বজাত ওড়িশা আৰক্ষীয়ে পোষ্ট কৰে যে এজন ভক্ত জনসমাগমৰ মাজত পৰি চেতনা হেৰুৱাইছে। তেওঁক প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰা হৈছিল। ভক্তসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও জনোৱা হয়।

বিগত বছৰ পুৰী ৰথযাত্ৰাৰ সময়ত বিশৃংখলতাৰ অভিযোগ উত্থাপন হৈছিল। যোৱা বছৰ ২৯ জুনৰ পুৱা পুৰীৰ গুণ্ডিচা মন্দিৰৰ সমীপত সংঘটিত হুলস্থুলীয়া পৰিৱেশত কমেও তিনিজন লোকৰ মৃত্যু হয়। পুৰীৰ মূল মন্দিৰৰ পৰা গুণ্ডিচা মন্দিৰৰ তিনি কিলোমিটাৰ দূৰত্ব অতি ভয়ংকৰ আছিল। কিন্তু এই তিনি কিলোমিটাৰ পথ অতিক্ৰম কৰি থাকোঁতে তিনিখন ৰথ নন্দিঘোষ, তালধ্বজ আৰু দৰ্পাদলন বাৰে বাৰে আবদ্ধ হৈ পৰিছিল। এই তিনিখন ৰথত জগন্নাথ, বলোভদ্ৰ আৰু সুভদ্ৰাৰ মূৰ্তি আছিল। ৰথযাত্ৰাৰ দিনা মূল মন্দিৰৰ পৰা ৰথ তিনিখনৰ যাত্ৰা আৰম্ভ হৈছিল যদিও সেইদিনা গন্তব্যস্থান পাব পৰা নাছিল। পিছদিনা তিনিওখন ৰথ গুণ্ডিচা মন্দিৰ পায়গৈ। কিন্তু সেইদিনা জগন্নাথ, বলোভদ্ৰ আৰু সুভদ্ৰাক ৰথৰ পৰা নমাই আনিব পৰা নাছিল।
গোটেই নিশা তিনিখন ৰথৰ চাৰিওফালে বহু ভক্ত গোট খাইছিল। ২৯ জুনৰ পুৱতি নিশা ভক্তসকলে আৰক্ষী আৰু প্ৰশাসনৰ নিৰ্দেশ অমান্য কৰি ৰথৰ কাষ চাপিবলৈ চেষ্টা কৰে আৰু সেইটোৱেই বিপদৰ সৃষ্টি কৰিছিল। ওড়িশা চৰকাৰে এই ঘটনাৰ কাৰণ হিচাপে অপ্ৰত্যাশিত জনসমাগমৰ উদাহৰণ দাঙি ধৰে। স্থানীয় প্ৰশাসন আৰু মন্দিৰৰ সূত্ৰই দাবী কৰা মতে, ৰথৰ সমীপৰত অতিৰিক্ত লোকক প্ৰৱেশ কৰিবলৈ দিয়াৰ বাবেই বহু ভক্ত ক্ষতিগ্ৰস্ত হ’বলগীয়া হয়।












