![]()
এজন মহানায়ক, বীৰযোদ্ধা, নিপুণ সেনাপতি, দেশপ্ৰেমিক,— তেৱেই হৈছে লাচিত বৰফুকন (Lachit Borphukan)। নামেই যাৰ পৰিচয়। যাৰ এটি ৰণৰ আহ্বানে স্বদেশপ্ৰেমৰ ভাৱ নতুনকৈ জাগ্ৰত কৰিছিল সহস্ৰ অসমীয়া সেনানীৰ মাজত। প্ৰতি অসমীয়াৰ প্ৰাণত শিহৰণ জগাই লাচিতৰ সেই শৰাইঘাটৰ ৰণে।

লুইতপৰীয়া ডেকাই শৰাইঘাটলৈ যাবলৈ ভয় কৰা নাছিল ১৬৭১ টো, আজিও নকৰে। মাতৃৰ সুৰক্ষাৰ বাবে সকলো সদা প্ৰস্তুত। এইগৰাকী বীৰ সেনানীৰ জীৱন গাঁথাৰ অলেখ-লেখ কাহিনীক সামৰি মুক্তি লাভ কৰিছে এখন তথ্যচিত্ৰ। OTT platform “Jio Cinema” ত উপলব্ধ হৈ থকা তথ্যচিত্ৰখনক লৈ জনসাধাৰণৰ শেহতীয়াকৈ আকৰ্ষণ বাঢ়িছে।
এই তথ্যচিত্ৰখনে নৱপ্ৰজন্মক বীৰ সেনানীগৰাকীৰ বিষয়ে জনাত সহায় কৰিব।













