
গ্ৰাহক সেৱা কেন্দ্ৰৰ পৰা একাউণ্টৰ ধন উলিয়াই সূলভমূল্যৰ দোকানৰ পৰা চৰকাৰী বিনামূলীয়া চাউল লৈ ঘৰলৈ ই-ৰিক্সাৰে যাওতেই এগৰাকী মহিলাৰ ঘটিল অঘটন। বহু সময়ৰ পাছত ঘৰৰ পৰিবৰ্তে ঘৰৰ পৰা বহু আতৰত পথৰ দাঁতিত অচেতন অৱস্থাত উদ্ধাৰ হয় মহিলাগৰাকী। মহিলাগৰাকীৰ নাম জহুৰা খাতুন (৫০)। ঘটনাটো লাওখোৱা ৩ নং ভুৰবন্ধাত।
মহিলাগৰাকীৰ হাতত থকা ধন, ডিঙিৰ-কানৰ-হাতৰ গহনা, মোবাইল আৰু চাউল লৈ গ’ল দুৰ্বৃত্তই। CSPৰ পৰা ধন উলিয়াই গৈছিল সূলভমূল্যৰ দোকানলৈ। তাৰপৰাই চাউল লৈ ঘৰলৈ বুলি উঠিছিল ই-ৰিক্সাত। তাৰ পাছতেই অঘটন। অচেতন মহিলাগৰাকীক ততাতৈয়াকৈ জখলাবন্ধাস্থিত মহকুমা চিকিৎসালয়ত ভৰ্তি কৰে যদিও অধিক চেতনানাশক ঔষধ দিয়াৰ বাবে চেতনা ঘুৰি নহাত উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেললৈ প্ৰেৰণ কৰিছে মহিলাগৰাকীক।













