
জনজাতীয় বসতি প্ৰধান অঞ্চলৰ মাজেৰে উচ্চ ক্ষমতাসম্পন্ন বৈদ্যুতিক টাৱাৰ স্থাপনৰ বিৰোধিতাৰে ডিমৰীয়াৰ লালমাটিত (Lalmati of Dimoria) ৰাইজৰ উত্তাল প্ৰতিবাদ। ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ বাবে আগবঢ়া কেইবাশতাধিক পুৰুষ-মহিলাক বাধা আৰক্ষী প্ৰশাসনৰ। যাৰ বাবে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ হতাহতিত লিপ্ত হয় আৰক্ষী আৰু প্ৰতিবাদী জনতা। ছয় আমৰি কাৰ্বি জাতীয় সংগঠনৰ আহ্বানত দীৰ্ঘদিনৰে পৰা ৰাইজে ইয়াৰ বিৰোধিতাৰে বিভাগীয় কৰ্তৃপক্ষক দাবী সম্বলিত স্মাৰক-পত্ৰ প্ৰদান কৰাৰ পিছতো এই সন্দৰ্ভত কোনো গুৰুত্ব প্ৰদান নকৰাত ক্ষুব্ধ এইসকল জনজাতীয় লোক।

উল্লেখ্য যে সোণাপুৰৰ চামতাৰ পৰা নৰতাপ অঞ্চলৰে এক উচ্চ ক্ষমতাসম্পন্ন বৈদ্যুতিক টাৱাৰ স্থাপনৰ পৰিকল্পনা কৰাৰ ফলত বাসভূমিৰ লগতে কৃষিভূমিৰ প্ৰতি ভাবুকি অহাৰ অভিযোগেৰে ৰাইজে দীৰ্ঘদিন ধৰি কৰি আহিছিল ইয়াৰ বিৰোধিতা। সেয়েহে ৰাইজে বিকল্প স্থানেৰে এই প্ৰকল্প ৰূপায়ণৰ দাবী কৰি অঞ্চলটোৰ জনজাতীয় ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে প্ৰশাসনক আহ্বান জনায়। ইপিনে আজিৰ এই প্ৰতিবাদ মষিমূৰ কৰাৰ বাবে মহানগৰ আৰক্ষীয়ে ব্যাপক সমৰ সজ্জা গঢ়ি তোলে।













