
উৎসৱৰ বতৰত কোনো পদপথৰ ব্যৱসায়ী (Street vendo) বা ক্ষুদ্ৰ ব্যৱসায়ীক অপ্ৰয়োজনীয়ভাৱে উচ্ছেদ (Unnecessary removal) কৰিব নালাগে। দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলক এই পৰামৰ্শ দিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে (National Human Rights Commission)। ইয়াত কোৱা হৈছে যে নৱৰাত্ৰি (যি সময়ত দুৰ্গা পূজা পালন কৰা হয়), দীপাৱলী আৰু ছঠ পূজাৰ সময়ত পথৰ কাষৰ বেপাৰী, স্থানীয় বিক্ৰেতা, মৃৎশিল্পী আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ জীৱিকা আৰু মানৱ অধিকাৰ সুৰক্ষিত কৰিব লাগে।

এই সন্দৰ্ভত যোৱা বছৰ আয়োগে অভিযোগ লাভ কৰিছিল। বিভিন্ন চহৰত হকাৰ আৰু স্থানীয় ক্ষুদ্ৰ ব্যৱসায়ীক অকাৰণতে উচ্ছেদ কৰা, তেওঁলোকৰ সামগ্ৰী জব্দ কৰা, জৰিমনা বিহা আৰু অকাৰণত হাৰাশাস্তিৰ অভিযোগ আয়োগে লাভ কৰিছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত যোৱা বছৰ আয়োগৰ সদস্য প্ৰিয়ংক কানুংগোৰ নেতৃত্বত মানৱ অধিকাৰ আয়োগৰ এখন বিচাৰপীঠে ব্যৱস্থা গ্ৰহণ কৰিছিল। অভিযোগসমূহ পৰীক্ষা কৰাৰ অন্তত সংশ্লিষ্ট ৰাজ্য আৰু স্থানীয় প্ৰশাসনক প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ পৰামৰ্শ দিছিল। যোৱা বছৰৰ দৰেই এইবাৰো আয়োগে পদপথৰ ব্যৱসায়ী আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ জীৱিকা নিশ্চিত কৰিবলৈ হস্তক্ষেপ কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছে। সেয়ে এইবাৰৰ উৎসৱৰ বতৰৰ আৰম্ভণিতে মানৱ অধিকাৰ আয়োগে প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলক বিষয়টোৰ ওপৰত চকু ৰাখিবলৈ অনুৰোধ জনাইছে।












