
অন্ধ্ৰপ্ৰদেশৰ (Andhra Pradesh) এটা ঔষধ কাৰখানাত (Medicine factory) সংঘটিত অগ্নিকাণ্ডত (Fire) কমেও ৫ জন লোকৰ মৃত্যু (5 people died)। আন দহজন শ্ৰমিক গুৰুতৰভাৱে আহত। শনিবাৰে তিৰুপতি জিলাৰ শ্ৰীনগৰ বিশেষ অৰ্থনৈতিক মণ্ডলৰ ব্যক্তিগত কাৰখানাত বয়লাৰ বিস্ফোৰণৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা।
টিআইএল হেল্থকেয়াৰ নামৰ ঔষধ কাৰখানাটোত টেবলেট প্ৰস্তুত কৰা হয়। প্ৰাথমিক তদন্তৰ প্ৰতিবেদন অনুসৰি, বয়লাৰটো বিস্ফোৰণ হোৱাৰ সময়ত কাৰখানাটোত নৈশ শ্বিফ্টৰ শ্ৰমিক উপস্থিত আছিল। বিস্ফোৰণৰ ফলত কাৰখানাটোৰ এক বৃহৎ অংশত জুই লাগে। এই ঘটনাত শ্ৰমিকসকলো আতংকিত হৈ পৰে।
এই বিস্ফোৰণত কমেও ৫ জন শ্ৰমিকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। ততাতৈয়াকৈ আহত ১০জনক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

বিস্ফোৰণৰ খবৰ পাই ততাতৈয়াকৈ আৰক্ষী আৰু জৰুৰীকালীন সেৱা ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। প্ৰথম অৱস্থাত কাৰখানা চৌহদত জুই নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল। কাৰখানাৰ ভিতৰত আবদ্ধ হৈ থকা শ্ৰমিকক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
কাৰখানাৰ এজন বিষয়াই জনোৱা মতে, বিস্ফোৰণৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই। তেওঁ কয়, “বিষয়াসকলে তদন্ত কৰি জানিব পাৰিব যে এই কাণ্ডৰ আঁৰৰ কাৰণ কি।যান্ত্ৰিক বিকলতা, সুৰক্ষা ব্যৱস্থা বিকল হোৱাৰ দৰে বহু কাৰণ থাকিব পাৰে।”
মৃত আটাইকেইজনৰ পৰিচয় এতিয়াও প্ৰকাশ কৰা নাই বিষয়াসকলে। মৃত্যুৰ সংখ্যাক লৈও প্ৰশ্ন উত্থাপন হৈছে। আহতসকলৰ উদ্ধাৰ অভিযান আৰু চিকিৎসা সম্পূৰ্ণ হোৱাৰ পিছত এই প্ৰশ্নসমূহৰ উত্তৰ দিয়া হ’ব।
অন্ধ্ৰপ্ৰদেশৰ শিক্ষা আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী নৰা লোকেশে ছ’চিয়েল মিডিয়াত এক পোষ্টযোগে পাঁচ শ্ৰমিকৰ মৃত্যুত শোক প্ৰকাশ কৰে। লগতে তেওঁলোকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। আহত শ্ৰমিকসকলৰ চিকিৎসাৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ ত্ৰুটি নহয় তাৰ বাবে বিষয়াসকলক নিৰ্দেশ দিয়ে। লগতে চৰকাৰে প্ৰয়োজনীয় সকলো সহায় আগবঢ়াব বুলিও কয়। তেওঁ কয় যে চৰকাৰে মৃতকৰ পৰিয়ালৰ কাষত সকলো দিশতে থিয় দিবলৈ চেষ্টা কৰিব।












