
ইজৰাইললৈ যোৱা ফ্লাইডুবাই (FlyDubai) বিমানখনৰ সহ-পাইলটৰ পৰিকল্পনা এটা এটাকৈ পোহৰলৈ আহিছে। কিন্তু কোনো পৰিকল্পনা তেওঁ কাৰ্যকৰী কৰিব পৰা নাছিল। অৱশ্যে সফল হ’লে সমগ্ৰ বিশ্বই ৯/১১ শৈলীৰ আন এক সন্ত্ৰাসবাদী আক্ৰমণৰ সাক্ষী হ’লহেঁতেন।
বৰ্তমান সংযুক্ত আৰব আমিৰশ্বাহীৰ জিম্মাত আছে ওমানৰ নাগৰিক হামাম আল-হাম্মামী (Hamam Al Hamami)। তেওঁৰ ওপৰত তদন্ত কৰি আছে। চোৰাংচোৱা সূত্ৰৰ উদ্ধৃতি দি ইজৰাইলৰ সংবাদ মাধ্যমে দাবী কৰিছে যে তেওঁ তদন্তকাৰীক নিজৰ পৰিকল্পনা বিতংভাৱে জনাইছে। তেওঁ স্বীকাৰ কৰে যে তেওঁ ভাৰতীয় পাইলট কেপ্তেইন স্মিট মাচাৰক হত্যা কৰি বিমানখন ‘ক্ৰেচ’ কৰিব বিচাৰিছিল। হামামে কয় যে তেওঁৰ প্ৰাৰম্ভিক লক্ষ্য আছিল টেল আভিভৰ বেন গুৰিয়ান বিমানবন্দৰ। তাত যদি তেওঁ বিমানত খুন্দা মাৰিব পাৰিলেহেঁতেন তেন্তে তেওঁৰ পৰিকল্পনা সফল হ’লহেঁতেন।
হামামে কয় যে তেওঁ দুখন বিমানৰ সংঘৰ্ষৰ পৰিকল্পনা কৰিছিল। যদি সেয়া সম্ভৱ নহ’লহেঁতেন তেন্তে তেওঁ বিমানখন টেল আভিভৰ এটা ওখ অট্টালিকাত খুন্দা মাৰিলেহেঁতেন। দুয়োটা ক্ষেত্ৰতে হতাহতৰ সংখ্যা বেছি হ’লহেঁতেন। ২০০১ চনৰ ১১ ছেপ্টেম্বৰত আমেৰিকাত আল কায়দাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰাই হামাম অনুপ্ৰাণিত হোৱা বুলি অনুমান কৰা হৈছে। সেয়ে ইটোৰ পিছত সিটো পৰিকল্পনা কৰে।

ইজৰাইলৰ সংবাদ মাধ্যম ৱাইনেটে প্ৰকাশ কৰা অনুসৰি, বিমানখন জৰ্ডানৰ কাষ চাপি অহাৰ পিছতে তেওঁ এই পৰিকল্পনা কাৰ্যকৰী কৰিবলৈ আৰম্ভ কৰে। তেতিয়ালৈকে তেওঁ কাকো অনুমান কৰিব দিয়া নাছিল। বিমানখন জৰ্ডান হৈ ইজৰাইলত প্ৰৱেশ কৰিলেহেঁতেন। সেই সময়ত তেওঁ ককপিটত কেপ্তেইন স্মিটক চোকা অস্ত্ৰৰে আঘাত কৰে। তেওঁক হত্যা কৰাৰ পিছতো বিমানখন স্বাভাৱিকভাৱে উৰুৱাই টেল আভিভলৈ লৈ যোৱাৰ পৰিকল্পনা আছিল, যাতে কোনো সমস্যা নোহোৱাকৈ প্ৰয়োজনীয় অৱতৰণৰ অনুমতি পত্ৰ লাভ কৰিব পৰা যায়। বিমানবন্দৰত আন এখন বিমানৰ সৈতে সংঘৰ্ষৰ পৰিকল্পনা যদি কাৰ্যকৰী নহ’লহেঁতেন তেন্তে তেওঁ বিমানখন মহানগৰীৰ এটা ওখ অট্টালিকাত খুন্দা মাৰিলেহেঁতেন। বা তেওঁ জৰ্ডানৰ আমেৰিকাৰ সামৰিক ঘাটি এটাত উৰা মাৰিব পাৰিলেহেঁতেন। তেওঁৰ মূৰত সকলো ধৰণৰ সম্ভাৱনাৰ পৰিকল্পনা কৰা হৈছিল। কাৰ্যকৰীকৰণত মাথোঁ স্মিটেই বাধা হৈ পৰিল।
কিন্তু গুৰুতৰভাৱে আহত হোৱাৰ পিছতো হাৰ নামানিল ভাৰতীয় পাইলটজনে। তেওঁ যুঁজি থাকিল। ৰক্তাক্ত অৱস্থাত তেওঁ কেনেবাকৈ ককপিটৰ দুৱাৰখন খুলি দিলে। তাত প্ৰৱেশ কৰি যাত্ৰীসকলে হামামক বাধা প্ৰদান কৰে। বিমানখনত উপস্থিত থকা আন দুজন পাইলটে ককপিটৰ নিয়ন্ত্ৰণ লয় আৰু ১৮০ জন লোক থকা বিমানখনে চৌদি আৰৱৰ টাবুক বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰে। অভিযোগ অনুসৰি, পৰিকল্পনা বিফল হোৱা দেখি হামামে শেষ প্ৰচেষ্টা চলাইছিল। তেওঁ বিমানখনৰ অটোপাইলটটো বন্ধ কৰি দিয়ে। লগতে দুয়োটা ইঞ্জিন বন্ধ কৰি দিয়ে। ফলত বিমানখন নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ ৩০ ছেকেণ্ডত ১৪ হাজাৰ ফুট তললৈ নামি যায়। যাত্ৰীৰ আসনত আৰু দুজন পাইলট নথকা হ’লে বিমানখন উদ্ধাৰ কৰিব পৰা সম্ভৱ নহ’লহেঁতেন।













